/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f8065b20-c7cc-48e1-a60e-b83fc214c8e7/JAYANTA_MALLA_24.jpg)
BTR ত জলজীৱন মিচনৰ কামৰ অগ্ৰগতিত অসন্তুষ্ট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা...
ডিজিটেল সংবাদ চিৰাংঃ জলজীৱন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত বি টি আৰৰ জিলাসমূহৰ অগ্ৰগতি সন্তোষজনক নহয়। ইয়াৰ ভিতৰত চিৰাং জিলা অতিকৈ পিছ পৰি আছে। - এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
আজি চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত বি টি আৰত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ জলজীৱন মিশ্যন আৰু স্বচ্ছ ভাৰত অভিযানৰ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে। তেওঁ লগতে কয় যে ২০২৬ চনৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জলজীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে পানীৰ যোগান ধৰাৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা বাস্তবায়িত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ বদ্ধপৰিকৰ হৈছে ।
সেয়ে আজি সংশ্লিষ্ট সকলো বিভাগৰ মুৰব্বী, কাৰ্যকৰী সদস্য, বিধায়ক, পাৰিষদসকলৰ লগত বৈঠক অনুষ্ঠিত কৰি বি টি আৰত যাতে জলজীৱন আঁচনিৰ সফল ৰূপায়ন কৰা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইপিনে যিসকল ঠিকাদাৰে ' প্ৰফেচনেল চিকিউৰিটিৰ ধন এতিয়ালৈকে জমা দিয়া নাই তেওঁলোকক অহা ৩০ জুলাইৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে।
অন্যথা সেইসকল ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। ইপিনে বি টি চিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী সদস্য ড০ নীলুৎ স্বৰ্গীয়াৰীয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে, বি টি আৰৰ বিশেষকৈ উত্তৰ অঞ্চলটো ভূটানৰ পাদদেশত অৱস্থিত হোৱা হেতুকে ভৌগোলিক কাৰণতে বিশেষকৈ জলজীৱন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত বহু বাধা আহি পৰে।
যিবিলাক ঠাইত আঁচনিখন ১০০ শতাংশ ৰূপায়ন কৰা হৈছে তেনেবোৰ ঠাইতো ভূটানৰ পৰা নামি অহা পানী তথা গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে। তাৰ মাজতে আগন্তুক তিনিমাহৰ ভিতৰত আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত যাতে সন্তোষজনক অগ্ৰগতি লাভ কৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কাৰ্যকৰী সদস্যগৰাকীয়ে জানিবলৈ দিয়ে।
বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ আব্বাছী, বি টি চিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী সদস্য ড০ নীলুৎ স্বৰ্গীয়াৰী, কাৰ্যবাহী সদস্য উকীল মুচাহাৰী, ধনঞ্জয় বসুমতাৰী, অৰূপ দে, বি টি চিৰ অন্যান্য পাৰিষদ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা ( জল আৰু অনাময়), জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা তথা বি টি চিৰ সঞ্চালক, ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালককে ধৰি সংশ্লিষ্ট শীৰ্ষ বিষয়া চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বি টি চিৰ চাৰিওখন জিলাৰ উপায়ুক্ত তথা বিভাগীয় মুৰব্বী তথা বিষয়াসকল উপস্থিত থাকে।
Convened a review meeting on Jal Jeevan Mission and Swach Bharat Mission (G) for all Districts under BTR, Assam today. The session involved a thorough discussion of the ongoing process and progress of the districts. Emphasizing the significance of these crucial missions, I also… pic.twitter.com/WA29PF0ibc
— Jayanta Mallabaruah (@jayanta_malla) July 24, 2023