ব'লব'মলৈ আহি আই নৈৰ বুকুত সন্ধানহীন কিশোৰী...

ব'লব'মলৈ আহি আই নৈৰ বুকুত সন্ধানহীন কিশোৰী...

author-image
Asomiya Pratidin
New Update
ব'লব'মলৈ আহি আই নৈৰ বুকুত সন্ধানহীন  কিশোৰী...

ব'লব'মলৈ আহি আই নৈৰ বুকুত সন্ধানহীন কিশোৰী...

ডিজিটেল সংবাদ চিৰাংঃ সোমবাৰে পুৱতি নিশা ব'লব'মলৈ ওলাই আহি নৈৰ বুকুত এগৰাকী কিশোৰী সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ চিৰাঙতে চাঞ্চল্য সৃষ্টি কৰিছে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে চিৰাং-বঙাইগাঁও জিলাৰ সীমামূৰীয়া ৰাখালডুবিৰ আই নৈৰ পাৰত।

ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি আই নৈৰ পাৰত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । ইপিনে সন্ধানহীন হোৱা কিশোৰী গৰাকীক তুলশী বৰ্মন বুলি চিনাক্ত কৰা হৈছে ।

কিশোৰীগৰাকীৰ ঘৰ গোৱালপাৰাৰ দুধনৈত। খাৰিজা দোলাইগাঁৱত মোমায়েকৰ ঘৰলৈ আহি ব'লব'ম উপলক্ষে পুৱতিনিশা ৰাখালডুবিস্থিত আই নৈৰ দলঙৰ সমীপত থকা শিৱ মন্দিৰলৈ আহিছিল কিশোৰীগৰাকী।

নৈখনত গাঁ ধুবলৈ গৈ হঠাতে সন্ধানহীন হয় কিশোৰীগৰাকী ৷ খবৰ লাভ কৰি ঘটনাস্থলীত এচডিআৰএফৰ বাহিনী উপস্থিত হৈ কিশোৰীগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰে। কেইবা ঘন্টা উদ্ধাৰ অভিযানৰ অন্তত অৱশেষত সন্ধানহীন হোৱা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে । পিছত আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাৱে বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

Also Read: কাছাৰত ১১০০ কেজি গাঞ্জা জব্দ...

চিৰাং