ৰৌতাৰ কিশোৰীক অপহৰণঃ মহাৰাষ্ট্ৰত উদ্ধাৰ, গ্ৰেপ্তাৰ মহিলা অপহৰণকাৰী...

কাৰাগাৰলৈ নিক্ষেপ অপহৰণকাৰী মহিলাক
ৰৌতাৰ কিশোৰীক অপহৰণঃ মহাৰাষ্ট্ৰত উদ্ধাৰ, গ্ৰেপ্তাৰ মহিলা অপহৰণকাৰী...
ৰৌতাৰ কিশোৰীক অপহৰণঃ মহাৰাষ্ট্ৰত উদ্ধাৰ, গ্ৰেপ্তাৰ মহিলা অপহৰণকাৰী...

ডিজিটেল সংবাদ ওৰাংঃ ৰৌতাৰ আমিনপাৰাৰ পৰা অপহৰণ কৰি মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। অভিযোগ অনুসৰি যোৱা ২৫ মে'ত বিদ্যালয়লৈ ওলাই যোৱাৰ পাছতে অপহৰণ হৈছিল এগৰাকী ১৩ বছৰীয়া কিশোৰী।

কিশোৰীগৰাকীৰ নিজ মাহীয়েকৰ বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ। এই অভিযোগৰ পাছতে ৰৌতা আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান আৰম্ভ কৰে আৰু মহাৰাষ্ট্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অপহৃত কিশোৰীগৰাকীক।

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে অভিযুক্ত মহিলাগৰাকীক। উল্লেখ্য যে, ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা।

যোৱা ২৫ মে'ত স্বগৃহৰ পৰা বিদ্যালয়লৈ ওলাই যোৱাৰ পাছতে সন্ধানহীন হৈছিল ১৩ বছৰীয়া কিশোৰীগৰাকী। ইয়াৰ পিছতে পৰিয়ালৰ মাজত হুৱাদুৱা লাগে আৰু বিভিন্ন ঠাইত সন্ধান কৰিও কিশোৰীগৰাকীৰ কোনো সন্ধান নোলোৱাত চিন্তিত হৈ পৰে।

তাৰ মাজতে কিশোৰীগৰাকীৰ মাহীয়েক ছাৰজিনা বেগম নামৰ মহিলাগৰাকীয়ে কিশোৰীগৰাকীক মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ খবৰ নাভ কৰে। এই খবৰ লাভ কৰা মাত্ৰকে পৰিয়ালৰ লোকে তেওঁৰ সৈতে বাৰে বাৰে যোগাযোগৰ চেষ্টা কৰিও ব্যৰ্থ হয়।

উপায়ন্তৰ হৈ পৰিয়ালটো আৰক্ষীৰ কাষ চাপে। পৰিয়ালৰ লোকে ছাৰজিনা বেমগৰ বিৰুদ্ধে ৰৌতা থানাত কিশোৰীগৰাকীক অপহৰণৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান আৰম্ভ কৰে।

ৰৌতা আৰক্ষীয়ে এই ক্ষেত্ৰত সহায় লয় মহাৰাষ্ট্ৰৰ আৰক্ষীৰ। মহাৰাষ্ট্ৰৰ থানে জিলাৰ ক'লৱা আৰক্ষীয়ে প্ৰথমে কিশোৰীগৰাকীক উদ্ধাৰ কৰে আৰু মহিলাগৰাকীক আটক কৰে। পিছত ৰৌতা আৰক্ষীৰ এটা দল গৈ কিশোৰী আৰু মহিলাগৰাকীক নিজৰ জিম্মাত লয়।

ৰৌতা আৰক্ষীে ৬৬/২৪ নম্বৰত এক গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ ধাৰাত অপহৰণ কাণ্ডৰে জড়িত ছাৰজিনা বেগমক কাৰাগাৰলৈ নিক্ষেপ কৰে। ইয়াৰ পিছতে এতিয়া ছাৰজিনা বেগমক কঠোৰ শাস্তি দিয়াৰ দাবী উঠিছে। লগতে তেওঁ কি কাৰণত এই ঘটনা সংঘটিত কৰিলে তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। মানৱ সৰবৰাহৰ সৈতেও তেওঁ জড়িত নেকি সেই বিষয়েও সঠিক তদন্তৰ দাবী উত্থাপন হৈছে।

ৰৌতাৰ কিশোৰীক অপহৰণঃ মহাৰাষ্ট্ৰত উদ্ধাৰ, গ্ৰেপ্তাৰ মহিলা অপহৰণকাৰী...
কপিলীৰ বানত বিধ্বস্ত কচুৱাৰ এটা ৰাজপথ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in