ওৰাঙৰ বিশিষ্ট ব্যৱসায়ী, BJPৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ৰাম কৃষ্ণ দত্তৰ বিয়োগত শোক..

সাংসদ দিলীপ শইকীয়াৰো শোক প্ৰকাশ
ওৰাঙৰ বিশিষ্ট ব্যৱসায়ী, BJPৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ৰাম কৃষ্ণ দত্তৰ বিয়োগত শোক..
ওৰাঙৰ বিশিষ্ট ব্যৱসায়ী, BJPৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ৰাম কৃষ্ণ দত্তৰ বিয়োগত শোক..

ডিজিটেল সংবাদ ওৰাংঃ ওৰাঙৰ বিশিষ্ট ব্যৱসায়ী তথা বি জে পিৰ জেষ্ঠ কাৰ্যকৰ্তা ৰাম কৃষ্ণ দত্তৰ পৰলোক। ৮৩ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে দত্তই।

ওৰাং অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত দত্তই ওৰাং কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহৰ উপদেষ্টা, প্ৰাক্তন বিষয়-ববীয়া, ওৰাং আৰক্ষী থানাৰ নাগৰিক সমিতিৰ প্ৰাক্তন উপদেষ্টা, ওৰাং ব্যৱসায় সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, জেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়া আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰে জড়িত হৈ আছিল। তেওঁৰ মৃত্যুৰ খবৰত আজি সমগ্ৰ ওৰাং অঞ্চল শোকস্তব্ধ হয়।

উল্লেখ্য দত্তই আজি কিছুদিন পূৰ্বে নিজ বাসগৃহত পৰি অসুস্থ হৈ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁক জি এম চি এইছলৈ স্থানান্তৰ কৰা হৈছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে নিশা ১২ বজাত তেখত বৈকুণ্ঠগামী হয়৷

দত্তৰ মৃত্যুত সাংসদ দিলীপ শইকীয়াই শোক প্ৰকাশ কৰি কয় - ভাৰতীয় জনতা পাৰ্টীয়ে অঞলটোৰ এগৰাকী দক্ষ কাৰ্যকৰ্তাক হেৰুৱালে৷ তেখেতৰ মৃত্যু দলৰ বাবে অপূৰণীয় ক্ষতি।

বি টি চিৰ ৩৯ নং পৰিষদীয় সমষ্টিৰ পাৰিষদ দীপক মৌৰেও দত্তৰ বিয়োগত শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য যে, ২০১৪ চনত ওৰাংৰ বনলতা শৰ্মাৰ বাসগৃহত বিজেপিত যোগদান কৰিছিল দত্তই। আজি তেওঁৰ মৃত্যুত বনলতা শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

ইফালে মৃতকৰ বাসগৃহত উপস্থিত হৈ ওৰাং ভিচিডিচিৰ অধক্ষ্য দিব্যজ্যোতি শইকীয়াই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। ওৰাং ব্যৱসায় সন্থাই দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি আবেলি ৩ বজাৰ পৰা দোকান পোহাৰ বন্ধ ৰাখে৷

মৃত্যুৰ সময়ত দত্তই পুত্ৰ বোৱাৰী -জীয়ৰী সহিতে বহু আত্মীয়ক এৰি যায়। দত্তৰ মৃত্যুৰ পূৱ ওদালগুৰি সাংবাদিক মঞ্চয়ো গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

ওৰাঙৰ বিশিষ্ট ব্যৱসায়ী, BJPৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ৰাম কৃষ্ণ দত্তৰ বিয়োগত শোক..
'চাকৰি নোপোৱা এনে ডিগ্ৰীৰ কি কাম?' BSc উত্তীৰ্ণই নঠিপত্ৰ জ্বলাই ল'লে চৰম পন্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in