বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন অসমৰ যুৱকঃ বেংগালুৰুৰ পৰা আহিছিল ঘৰলৈ...

বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন অসমৰ যুৱকঃ বেংগালুৰুৰ পৰা আহিছিল ঘৰলৈ...
বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন অসমৰ যুৱকঃ বেংগালুৰুৰ পৰা আহিছিল ঘৰলৈ...

ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাছোৰত সংঘটিত হোৱা ভয়াৱহ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন হৈ আছে অসমৰ এজন যুৱক। ওদালগুৰি জিলাৰ কলাইগাঁৱৰ এই যুৱকজনৰ নাম হাফিজুৰ ৰহমান।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা ২ জুন, ২০২৩, শুকুৰবাৰে হাফিজুৰে শেষবাৰৰ বাবে ফোন কৰি পৰিয়ালৰ লোকক কৰমণ্ডল ৰে'লত উঠাৰ কথা অৱগত কৰিছিল। তাৰ পাছৰে পৰা হাফিজুৰৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই পৰিয়ালৰ লোকে।

শুকুৰবাৰে নিশা পৰিয়ালৰ লোকে কেইবাবাৰো ফোন কৰিছিল যদিও হাফিজুৰে ফোন ৰিচিভ নকৰিলে। শনিবাৰে হাফিজুৰলৈ পুনৰ ফোন কৰাত উৰিষ্যা আৰক্ষীয়ে ফোনটো ৰিচিভ কৰে আৰু দুৰ্ঘটনাস্থলীত ফোনটো উদ্ধাৰ কৰাৰ কথা প্ৰকাশ কৰে।

লগতে পৰিয়ালৰ লোকক ইতিমধ্যে মুকলি কৰি দিয়া হেল্প লাইন নম্বৰত ফোন কৰিবলৈ আহ্বান জনায়। উৰিষ্যা আৰক্ষীয়ে হাফিজুৰৰ পৰিয়ালৰ লোকক হেল্প লাইন নম্বৰটো দিয়ে।

উল্লেখ্য যে, কলাইগাঁৱৰ ২ নং শিঙিৰামাৰীৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক হাফিজুৰ ৰহমান ২ বছৰ পূৰ্বে কৰ্মৰ তাগিদাত বেংগালুৰুলৈ গৈছিল। এই ভয়াৱহ দুৰ্ঘটনাৰ পাছত হাফিজুৰ জীৱিত অৱস্থাত আছে নে তেওঁৰ মৃত্যু হৈছে সেই সন্দৰ্ভত এই পৰ্যন্ত কোনো সম্ভেদ পোৱা নাই।

তেওঁৰ সন্ধানত ইতিমধ্যে পৰিয়ালৰ ২ জন লোক উৰিষ্যালৈ ৰাওনা হৈছে। অতি পৰিতাপৰ কথা যে, এই পৰ্যন্ত এই পৰিয়ালটোৰ লগত প্ৰশাসন তথা অসম চৰকাৰৰ ফালৰ পৰা কোনো যোগাযোগ কৰা হোৱা নাই।

আন আন ৰাজ্যই যিদৰে এই দুৰ্ঘটনা সন্দৰ্ভত হেল্প লাইন নম্বৰ মুকলি কৰিছে অতি ততপৰতাৰে গোটেই ঘটনাৰাজি পৰ্যবেক্ষণ কৰিছে, নিজ নিজ ৰাজ্যৰ যাত্ৰীক উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে অসম চৰকাৰে এই পৰ্যন্ত তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

উল্লেখ্য যে, এই পৰ্যন্ত এই ৰে'ল দুৰ্ঘটনাত ২৮৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে আহত হৈছে প্ৰায় ৯০০ জন লোক। বহু মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা অৱস্থাত নাই। শেহতীয়াকৈ প্ৰাপ্ত তথ্য মতে বহু কেইটা মৃতদেহ ডি এন এ পৰীক্ষা সম্পন্ন কৰাৰ পাছতহে পৰিয়ালৰ লোকক হস্তান্তৰ কৰিব।

বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন অসমৰ যুৱকঃ বেংগালুৰুৰ পৰা আহিছিল ঘৰলৈ...
গুণোৎসৱত A+ গ্ৰেড লাভ কৰা ধেমাজিৰ ২৯ খন বিদ্যালয়ক সম্বৰ্ধনা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in