/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2180da1f-9b6b-4947-a874-a17fcdffccb9/DHEMAJI_04.jpg)
গুণোৎসৱত A+ গ্ৰেড লাভ কৰা ধেমাজিৰ ২৯ খন বিদ্যালয়ক সম্বৰ্ধনা...
ডিজিটেল সংবাদ ধেমাজি: অসম চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰা গুণোৎসৱত বিশেষ পাৰদৰ্শিতা দেখুওৱা ধেমাজি জিলাৰ ২৯ খন প্ৰাথমিক বিদ্যালয়ক শনিবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ এই উদেশ্য শনিবাৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁত ধৰে ধেমাজি জিলা আচঁনি বিষয়া অৱনী নাথে ।
সভাত ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষকসকলেই সমাজৰ মূল চালিকা শক্তি বুলি উল্লেখ কৰি তেওঁলোকৰ মহৎ অৱদানৰ বাবে ধেমাজি জিলাই চলিত বৰ্ষৰ গুণোৎসৱত উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হয় বুলি উল্লেখ কৰে ৷ বক্তব্যত উপায়ুক্তই এইবাৰকে ধৰি চতুৰ্থ বাৰলৈ 'এ' প্লাছ গ্ৰেড পোৱা জিলাখনৰ ২১ খন বিদ্যালয়ক প্ৰথমতে শুভেচ্ছা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d7482196-cc6b-4ee2-8dfe-43a24f51be40/6109b6eb_256c_4351_a973_ded7ed234837.jpg)
ইয়াৰ উপৰিও বিগত বৰ্ষত 'ডি' গ্ৰেড পোৱা জিলাৰ ৮ খন বিদ্যালয়ে এইবাৰ 'এ' প্লাছ গ্ৰেড পাবলৈ সক্ষম হোৱাটো শিক্ষা বিভাগৰ বাবে উৎসাহজনক খৱৰ বুলি উল্লেখ কৰে ৷ প্ৰসংগক্ৰমে উপায়ুক্তগৰাকীয়ে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক , জিলা প্ৰাথমিক শিক্ষা বিষয়া ও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলৰ বাবেই এইবাৰ গুণোৎসৱত ভাল ফল দেখোৱালৈ সক্ষম হোৱা বুলি শিক্ষা বিভাগক প্ৰশংসা কৰি ধেমাজি জিলাই এইবাৰ গুণোৎসৱত অসমৰ ৩১ জিলাৰ ভিতৰতেই সপ্তম স্হানলৈ আহিল বুলি উল্লেখ কৰি বিগত বৰ্ষত ধেমাজিয়ে অসমৰ ভিতৰত ১৪ নম্বৰ স্হানতে আছিল বুলিও অৱগত কৰে ৷
অনুষ্ঠানত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ ফুকন, ধেমাজিৰ খণ্ড উন্নয়ন বিষয়া, নবীন কামান, ধেমাজি শিক্ষা খণ্ডৰ প্ৰাথমিক বিষয়া ধীৰাজ টাইড, মুৰ্কংচেলেক শিক্ষা খণ্ডৰ প্ৰাথমিক বিষয়া প্ৰেম নাথ দলে, বৰদলনি শিক্ষা খণ্ডৰ বি এম চি নিৰন দত্ত, জিলা আচঁনি বিষয়া অৰুনিমা দুৱৰা, প্ৰালোচক ৰশ্মি দলে আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a75b31a2-9a02-48ee-9775-60b70464962e/19778033_c747_4c83_b653_b456c1e3e000.jpg)
এই সভাতেই গুণোৎসৱত বিশেষ পাৰদৰ্শিতা দেখুওৱা ধেমাজি জিলাৰ ২১ খন প্ৰাথমিক বিদ্যালয়ক্ৰমে জয়ৰামপুৰ দক্ষিন প্ৰাথমিক বিদ্যালয়, মধ্যমিংমাং কদমগুৰি প্ৰাথমিক বিদ্যালয়, মিংমাঙ পশ্চিম দক্ষিন প্ৰাথমিক বিদ্যালয়, এৰাঢল প্ৰাথমিক বিদ্যালয়, বেঙেনাগড়া প্ৰাথমিক বিদ্যালয়, বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়, দক্ষিন ধেমাজি প্ৰাথমিক বিদ্যালয়, হিলৈপাৰা প্ৰাথমিক বিদ্যালয়, জীয়াঢল প্ৰাথমিক বিদ্যালয়, কেকুঁৰি প্ৰাথমিক বিদ্যালয়, মৰিঢল প্ৰাথমিক বিদ্যালয়, পশ্চিম আজোহা প্ৰাথমিক বিদ্যালয়, পশ্চিম যোৰকটা প্ৰাথমিক বিদ্যালয়, পুৱ লক্ষীপথাৰ প্ৰাথমিক বিদ্যালয়, পুৱ মাছখোৱা প্ৰাথমিক বিদ্যালয়, পুৱ নৰোৱাথান প্ৰাথমিক বিদ্যালয়, বাহিৰ জোনাই প্ৰাথমিক বিদ্যালয়, ডেকাপাম প্ৰাথমিক বিদ্যালয়, ২ নং জয়ৰামপুৰ প্ৰাথমিক বিদ্যালয়, কদমগুৰি প্ৰাথমিক বিদ্যালয়, বি এফ চি কলনি প্ৰাথমিক বিদ্যালয়, নগাখেলিয়া প্ৰাথমিক বিদ্যালয়, বেঙেনাগড়া আদৰ্শ প্ৰাথমিক বিদ্যালয়, ৫ নং টেকজুৰি প্ৰাথমিক বিদ্যালয়, চন্দনাবাৰী কপাঁহতলী প্ৰাথমিক বিদ্যালয়, বেঙেনাগড়া আমলক্ষীগুৰি প্ৰাথমিক বিদ্যালয়, নৰেং বালিজান বড়ো প্ৰাথমিক বিদ্যালয়, কেকুঁৰি পানীতোলা প্ৰাথমিক বিদ্যালয়, কজুৱা ব্লক প্ৰাথমিক বিদ্যালয়, বৰুৱা পথাৰ প্ৰাথমিক বিদ্যালয়, নগাখেলিয়া প্ৰাথমিক বিদ্যালয়, ৰজাবাৰী প্ৰাথমিক বিদ্যালয়, ৰাইপুৰ মাজগাঁও প্ৰাথমিক বিদ্যালয়, ঘিনাই প্ৰাথমিক বিদ্যালয়, দেওঘৰীয়া বি প্ৰাথমিক বিদ্যালয়, আৰিমত্তগঢ় প্ৰাথমিক বিদ্যালয়, কলাকতা প্ৰাথমিক বিদ্যালয়, ২ নং বাহিৰ জোনাই প্ৰাথমিক বিদ্যালয় আৰু আবমনলা প্ৰাথমিক বিদ্যালয়।
বিগত বৰ্ষত 'ডি' গ্ৰেড পাই এইবাৰ এইবাৰ 'এ' প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয় কেইখন ক্ৰমে বৰদলনি খণ্ডৰ মিংমাং সৰিয়নি এল পি স্কুল , ধেমাজি খণ্ডৰ ক্ৰমে বৰবাউলি,দূসুতিমুখ,থেকেৰাগুৰি চাৰি আলি এল পি স্কুল, মুকংচেলেক খণ্ডৰ মিগাং,পূৱ ৰাউণ্ড, মেম্বাৰচুক আৰু কাৰচাং বিজয়পুৰ এল পি স্কুলকে ধৰি আঠখনৰ সৈতে জিলাখনত মুঠ গুণোৎসৱত ২৯ খন বিদ্যালয়ক শনিবাৰে সম্বৰ্ধনা জনায় ৷ সম্বধৰ্না অনুষ্ঠানত বিদ্যালয় কেইখনৰ প্ৰধান শিক্ষকসকলৰ লগতে পৰিচালনা সমিতিৰ সভাপতিসকল উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dc8c08f7-77aa-4aa8-8e9a-0cf181ecdbd9/477eca0a_68d1_47a3_9401_8d924d66d8ff.jpg)
Also Read: বিদ্যুৎ সংযোগ বিচ্ছিন্ন নকৰাকৈ মেৰামতিৰ কাম কৰি থকা অৱস্থাত মৃত্যু এজনৰ