তামুলপুৰত ছহিদ মনেশ্বৰ বসুমতাৰীক স্মৰণ পৰিয়াল তথা চি আৰ পিএফৰ

পঞ্চম বৰ্ষত ভৰি দিলে পলুৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাই

author-image
Asomiya Pratidin
New Update
তামুলপুৰত ছহিদ মনেশ্বৰ বসুমতাৰীক স্মৰণ পৰিয়াল তথা চি আৰ পিএফৰ

ডিজিটেল সংবাদ,তামুলপুৰ : আজি ১৪ ফেব্ৰুৱাৰী। ৫ বছৰ পূৰ্বে এই দিনটোতে জম্মু- কাশ্মীৰৰ পলুৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছিল ৪০ গৰাকী চি আৰ পি এফবাহিনীৰ জোৱান ৷ ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে দেশৰ হকে প্ৰাণ আহুতি দিয়া এই জোৱানসকলৰ অন্যতম তামুলপুৰ জিলাৰ কলৱাৰী গাঁৱৰ মনেশ্বৰ বসুমতাৰী।

Advertisment

দেশ ৰক্ষাৰ কামত নিয়োজিত হৈ মৃত্যুক আঁকোৱালি লৈছিল মনেশ্বৰ বসুমতাৰী। আজি পঞ্চম বৰ্ষত ভৰি দিলে সেই দিনটোৱে ৷ পঞ্চম বাৰ্ষিক মৃত্যু তিথি পালন কৰি ছহিদগৰাকীলৈ পৰিয়াল তথা আত্মীয় স্বজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

বুধবাৰে ছহিদগৰাকীৰ প্ৰতিমূৰ্তিত নলবাৰীস্থিত ১৩৬ নং বেটেলিয়নৰ চি আৰ পি এফ বাহিনীৰ বিষয়া - জোৱানসকলে কলবাৰীত উপস্থিত হৈ মাল্যাৰ্পণ কৰাৰ লগতে পৰিয়ালৰ লোকে বন্তি প্ৰজলন কৰি বাথৌ আৰজ পৰিবেশন কৰি ছহিদ মনেশ্বৰ বসুমতাৰীৰ লগতে আন ছহিদসকলোকো স্মৰণ কৰে ৷ আনহাতে ছহিদ মনেশ্বৰ বসুমতাৰীকে ধৰি ৪০গৰাকী জোৱানে দেশ ৰক্ষাৰ কামত নিয়োজিত হৈ প্ৰাণ আহুতি দিয়াৰ দৰে দেশত যাতে আন কাৰো বাবেই এনে ঘটনা নঘটে তাৰেইকামনা কৰে পৰিয়ালবৰ্গই ৷

ইফালে অসম চৰকাৰে ছহিদগৰাকীৰ নামত গোৰেশ্বৰ- তামুলপুৰ পথচোৱা নামকৰণ কৰি পথচোৱা নিৰ্মাণ কৰিবলৈ পৰিয়াল বৰ্গই দাবী জনায় ৷

Also Read: মহানগৰীত বজাৰৰ চিণ্ডিকেটঃ বেলতলাত ভাস্কৰ, ফটিক, জোনৰ দাদাগিৰি...

tamulpur CRPF pulwama attack