/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a96c5754-fa82-43ef-b436-68d2856888bc/15.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ তামুলপুৰ জিলা সমিতিয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সন্মুখীন হৈ থকা সমস্যা সমাধানৰ দাবীত সোমবাৰে তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
অসমৰ অংগনবাড়ী কৰ্মীক ১২ হাজাৰ আৰু সহায়িকাক ১০ হাজাৰ টকা পাৰিশ্ৰমিক প্ৰদান কৰা, অৱসৰীসকলৰ এক কালীন সাহায্য ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰা, অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাক গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা, সহায়িকাক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা, কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা, অসম ৰাজ্যিক অংগনবাড়ী কেন্দ্ৰৰ গৃহ উন্নতমান বিশিষ্ট কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচী অহা ১৪ অক্টোবৰলৈ চলিব বুলি জনাইছে তামুলপুৰ জিলা অংগনৱাড়ী সহায়িকা সন্থাই। সোমবাৰৰ কাৰ্যসূচীত জিলা সভানেত্ৰী মেৰী বসুমতাৰী, সম্পাদিকা নিলীমা ডেকা ৰাভা, গোৰেশ্বৰ সম্পাদিকা আৰতি শৰ্মা, নাগ্ৰীজুলিৰ সম্পাদিকা অঞ্জু থাপাসহ ১৫ শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us