ক্ৰমশঃ মৰি গৈছে জীয়া ধনশ্ৰীঃ দিনে-নিশাই চলিছে অবৈধ খনন, অতিষ্ঠ ৰাইজৰ প্ৰতিবাদ...

ক্ৰমশঃ মৰি গৈছে জীয়া ধনশ্ৰীঃ দিনে-নিশাই চলিছে অবৈধ খনন, অতিষ্ঠ ৰাইজৰ প্ৰতিবাদ...
ক্ৰমশঃ মৰি গৈছে জীয়া ধনশ্ৰীঃ দিনে-নিশাই চলিছে অবৈধ খনন, অতিষ্ঠ ৰাইজৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ ওৰাং: ওদালগুৰি জিলাৰ ৰৌতাৰ জীয়া ধনশ্ৰী নদীৰ অবৈধ শিল-বালি মহলত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দীৰ্ঘদিনৰে পৰা নদীখনত অবৈধভাৱে শিল-বালি খনন কৰি একপ্ৰকাৰে নৈখনক ধ্বংসৰ দিশে লৈ গৈছে একাংশ লোকে। দিন-নিশাই চলা এনে অবৈধ খননৰ বিৰুদ্ধে আজি স্থানীয় এদল যুৱক ওলাই আহে।

এই যুৱকৰ দলটোৰ উগ্ৰমূৰ্তি দেখি অবৈধভাৱে চলাই থকা শিল-বালি মহল, কুৱেৰীৰ লোকসকলে পলাই পত্ৰং দিয়ে। ইফালে এই অবৈধ মহলৰ পৰা দিনে-নিশাই শিল-বালি কঢ়িয়াই থকা ডাম্পাৰসমূহে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

ডাম্পাৰৰ এনে দৌৰাত্ম্য ৰোধ কৰাৰ বাবেই স্থানীয় যুৱকসকলে মাৰ বান্ধি থিয় দিছে। ইয়াৰ মাজতে প্ৰশাসনৰ নাকৰ তলতে কিদৰে বন আইন ভংগ কৰি এইদৰে শিল-বালিৰ অবৈধ খনন চলাই আছে তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।

সেয়ে স্থানীয় এই যুৱকসকলে ৰৌতাৰ তাৰাবাৰী-তাৰাজুলি অঞ্চলৰ জীয়া ধনশ্ৰীৰ অবৈধ খননস্থলীত গৈ প্ৰতিবাদো সাব্যস্ত কৰে। মন কৰিবলগীয়া যে এনে অবৈধ খননৰ বাবেই দিনে দিনে শুকাই আহিছে নৈখনৰ পানী।

ফলত নৈখনৰ দুয়োপাৰে সৃষ্টি হৈছে মৰুভূমি সদৃশ পৰিৱেশ। ৫ ৰ পৰা ৬ খনকৈ জেচিবিৰে দিনে, নিশাই নৈখনৰ বুকুভেদি চলাই থকা হৈছে খনন। শ শ ডাম্পাৰে এই অঞ্চলৰ পৰা এইদৰে খনন কৰা বালি আৰু কুৱেৰীৰ পৰা শিল কঢ়িয়াই নিয়াৰ দৃশ্য সকলোৱে দেখি আহিছে যদিও নেদেখাৰ অভিনয় কৰি আহিছে শিল-বালিৰ অবৈধ বেপাৰীৰ ধনেৰে পকেট গৰম কৰা বন বিভাগৰ স্থানীয় বিষয়া, কৰ্মচাৰীয়ে।

দৈনিক এইদৰে অবৈধভাৱে চলোৱা খনন আৰু অবৈধ সৰবৰাহৰ ফলত চৰকাৰকো লাখে লাখে ৰাজহ ফাঁকি দি আহিছে। শিল-বালিৰ এনে অবৈধ কাৰোবাৰৰ লগত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰা অঞ্চলটোৰ লোকসকলে পূৰ্বৰে পৰা এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছিল যদিও কোনো গুৰুত্ব নিদিয়াত আজি সদলবলে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়।

ডাম্পাৰৰ এনে দৌৰাত্ম্যৰ বাবে অঞ্চলটোৰ পথসমূহ ধ্বংস হৈ পৰিছে। পথেৰে আন মানুহৰ চলাচল একপ্ৰকাৰে অসম্ভৱ হৈ পৰিছে। যোৱা শুকুৰবাৰে এনে অবৈধ বালি কঢ়িওৱা এথন ডাম্পাৰে খুন্দা মাৰিছিল কণ কণ শিক্ষাৰ্থী কঢ়িয়াই লৈ যোৱা মাৰুতী বাহনত।

এই দুৰ্ঘটনাত কথমপী প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা ১০ টাকৈ শিশুৰ। এনে পৰিস্থিতিত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল। আজি যুৱকৰ দলটোৱে বন বিভাগৰ লগতে বিটিচিৰ ইএম ৰঞ্জিৎ বসুমতাৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশৰ সূচনা কৰে।

স্মৰ্তব্য যে, এনে অবৈধ খননৰ ফলত বাৰিষা জীয়া ধনশ্ৰী নৈখনে ব্যাপক হাৰত খহনীয়াৰো সৃষ্টি কৰি আহিছে। সেয়ে শীঘ্ৰেই বৃহত্তৰ অঞ্চলটোৰ স্বাৰ্থত এই অবৈধ বালিৰ খনন আৰু কুৱেৰীসমূহ বন্ধ কৰিবলৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় লোকসকলে।

ক্ৰমশঃ মৰি গৈছে জীয়া ধনশ্ৰীঃ দিনে-নিশাই চলিছে অবৈধ খনন, অতিষ্ঠ ৰাইজৰ প্ৰতিবাদ...
পুনৰ কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in