কোকৰাঝাৰত বিপিএফৰ দলৰ প্ৰাৰ্থী জিকিবই : পৃথ্বীৰাজ

কোকৰাঝাৰত বিপিএফৰ দলৰ প্ৰাৰ্থী জিকিবই : পৃথ্বীৰাজ

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত বিপিএফৰ দলৰ প্ৰাৰ্থী জিকিবই : পৃথ্বীৰাজ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শনিবাৰে বিপিএফৰ কাৰ্যনিৰ্বাহক সভাত তিনিগৰাকী প্ৰাৰ্থীত্বপ্ৰত্যাশীৰ নাম সন্নিবিষ্ট কৰি প্ৰাৰ্থীতালিকা ৰাজহুৱা কৰে। তাৰ পিছতেই আজি প্ৰাৰ্থী তালিকাক সন্নিবিষ্ট হোৱা পৃথ্বীৰাজ নাৰায়ন দেৱ মেচ কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰে।

Advertisment

কোকৰাঝাৰ গৌৰাং ভেলী হোটেলত আয়োজিত হোৱা এক সংবাদমেলত বিপিএফৰ প্ৰাৰ্থী তালিকাত স্থান পোৱা পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে পোনপ্ৰথমে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে এইবেলি কোকৰাঝাৰ লোকসভা নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থীয়েই জিকিবই বুলি মন্তব্য কৰে । তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে টিকট নাপালে যে বিপিএফৰ বিৰোধিতা কৰিব সেয়া সমুলি নহয় বুলি উল্লেখ কৰি বিপিএফ দলতে এনে পৰম্পৰা নাই বুলি উল্লেখ কৰে।

তেওঁৰ বয়স কম আৰু দলত জ্যেষ্ঠ নোহোৱা সত্বেও কিদৰে জয়লাভ কৰিব বুলি সাংবাদিকে কৰা এক প্ৰশ্নত্তোৰত পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে কয় যে অভিজ্ঞতা আৰু জ্ঞান বেলেগ বেলেগ । মই নিজকে জ্ঞানী বুলি নাভাবো যদিও আন্তৰিকতাৰে কাম কৰিব পাৰো । তৃতীয় বড়ো শান্তি চুক্তিৰ মই মধ্যস্থতাকাৰী আছিলো। যি কাম কৰো বা কৰিম আন্তৰিকতাৰে কৰিম । আজি অসমত বহুসংখ্যক চুক্তি হ'ল । আদিৱাসী শান্তি চুক্তি হ'ল ।

কিন্তু কেন্দ্ৰীয় অৰ্থ সাহাৰ্যৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া তিলমানো কাৰ্যকাৰী হোৱা নাই । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন হ'ল কিন্তু পুঁজি অনাত ব্যৰ্থ । বিটিআৰত জনসংখ্যা অনুপাতে পুঁজিৰ আৱণ্ঠন নাই। যুৱচাম বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত । এই সকলোবোৰ সমস্যা পৱিত্ৰ সদনত বলিষ্ট কণ্ঠৰে তুলি ধৰিবলৈ মোৰ সপোন আছে । জীৱনত সকলোৱে আশাবাদী , মইও আশাবাদী। সকলোৱে বহু উচ্চ সপোন পুহি ৰাখে , সেই সপোনেদি যদি আগুৱাই যোৱা যায় , সপোন পুৰণ নহলেও বিফলতা কিন্তু নগন্য হয়। ৰাইজ আৰু ঈশ্বৰৰ আশীৰ্বাদত সকলো নিৰ্ভৰ কৰে ।

তদুপৰি জ্যেষ্ঠতা মাথো এটা সংখ্যা । জ্যেষ্ঠতাৰ ভিত্তিত সকলো হোৱা হলে আজি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নহলহেতেন , হাগ্ৰামা মহিলাৰীও বিটিচিৰ চীফ হিচাপে ইমানদিন শাসন কৰিব নোৱাৰিলেহেতেন । আচলতে ৰাইজ আৰু ঈশ্বৰৰ আশীৰ্বাদত সকলো নিৰ্ভৰ কৰে। ৰাখে হৰি মাৰে কোনে , মাৰে হৰি ৰাখে কোনে , না ভৱিষ্যত মই দেখিছো , না আপুনি ভৱিষ্যত আপুনি দেখা পাৰিছে বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰি সুস্থ্য গণতন্ত্ৰৰ পোষকতা কৰিছে।টিকট নাপালেও বিৰোধ নাই আৰু যদিহে অযোগ্য তেনেহলে অযোগ্যতাৰ পৰা যোগ্যতা লাভৰ বাবে চেষ্ঠা কৰিম কৰিম বুলি মন্তব্য কৰি সকলো প্ৰাৰ্থীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে । উল্লেখ্য যে যদিহে পৃথ্বীৰাজ নাৰায়ন দেৱ মেচ বিপিএফৰ পৰা টিকট লাভ কৰে তেনেহলে তেওঁৱেই হ'ব ৰাজ্যৰ সৰ্বকনিষ্ট লোকসভাৰ প্ৰাৰ্থী ।

Also Read: জিএনআৰচি হাস্পতালৰ চতুৰ্থ সংখ্যক ''স্বাস্থ্যমিত্ৰ এক্সিলেন্স এৱাৰ্ড'' সম্পন্ন

bpf