/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/05f7de2c-54be-4170-a77c-3653d81c8de9/gfdfg.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে প্রায় ১৫০০ স্বাস্থ্যমিত্ৰৰ উপস্থিতিত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত চতুর্থ সংখ্যক 'স্বাস্থ্যমিত্র এক্সিলেন্স এবার্ড' সম্পন্ন হয়।ব্যয়সাধ্য স্বাস্থ্য অভিযানক সফল কৰি তোলাত গুৰুত্বপূর্ণ ভূমিকা লোৱা ২০০ গৰাকী স্বাস্থ্যমিত্ৰক আজিৰ এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়।
তেওঁলোকৰ কষ্ট, অৰিহণা আৰু সফলতাক ৰাজহুৱাকৈ স্বীকৃতি প্রদানৰ উদ্দেশ্যে প্রতিমাহে এই বঁটা প্ৰদান কৰা হয়। জনপ্ৰিয় আৰু প্ৰখ্যাত অনুপ্ৰেৰণামূলক বক্তা দীপক শর্মা অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে। লগতে প্রসিদ্ধ লেখিকা আৰু কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ড° জয়শ্রী বৰা, জিএনআৰচি হাস্পতালৰ কার্যবাহী সঞ্চালকদ্বয় শ্রীমতী শতাব্দী বৰা আৰু ডাঃ মাধুৰ্য বৰাও উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3e04ce8a-535e-4d22-bf9d-6940910da5ed/1a29813e_47ed_4304_99e3_3576a6156a91.jpg)
ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই কয় যে- ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই কয় যে- "সমগ্র বিশ্বৰে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ব্যক্তিসকলক ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ আওতালৈ অনাটো এক জটিল প্ৰক্ৰিয়া। আমাৰ মানুহবোৰক সংগঠিত কৰি, স্বাস্থ্য সম্পর্কে শিক্ষা প্রদান কৰি, তেওঁলোকৰ মাজত থাকি নিৰৱচ্ছিন্নভাবে স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজনসাপেক্ষে জৰুৰীকালীন ৰোগৰ ক্ষেত্ৰত হাস্পতালত ভর্তি কৰোৱাকে ধৰি বহুকেইটা দিশ সামৰি লোৱাৰ উদ্দেশ্যে আজিৰ পৰা ছয় বছৰ আগতে ব্যয়সাধ্য স্বাস্থ্য অভিযান আঁচনি আৰম্ভ কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6b64500b-db7d-4811-b593-5461bc61a18c/bbe20a15_4449_4351_ba35_46928373899b.jpg)
তেওঁ লগতে কয়, ৰোগমুক্ত আৰু স্বাস্থ্যবান ব্যক্তি এগৰাকীয়েহে আর্থ সামাজিকভাৱে এখন দেশ আগুৱাই নিয়াত সহায় কৰিব পাৰ। আমাৰ এই আঁচনিৰ জৰিয়তে আমি এখন ৰোগমুক্ত, সবল, স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব বিচাৰো। আমাৰ স্বাস্থ্যমিত্ৰসকলকৰ অহর্নিশ কষ্টৰ ফলতহে আজি এই অভিযানে সফলতাৰ মুখ দেখিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক সন্মান তথা স্বীকৃতি প্রদানৰ উদ্দেশ্যে আজিৰ । এই বিশেষ বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপৰি আমাৰ এই স্বাস্থ্যমিত্ৰসকলে ৰাজী আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আয়ুষ্মান অসম আৰু আয়ুষ্মান ভাৰত যোজনাৰ সফল ৰূপায়ণৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে।
প্ৰায়ভাগ ৰোগৰে মুখ্য কাৰণ হ'ল ইয়াৰ বিষয়ে বিশদভাবে নজনাটো, অস্বাস্থ্যকৰ জীৱন যাপন আৰু সময়োপযোগী তথা প্ৰতিৰোধী চিকিৎসাৰ বিষয়ে অজ্ঞতা। ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে আমি এই কথাসমূহৰ এক সমিধান উলিয়াবলৈ যত্ন কৰিছো; যি কাৰ্য তৃণমূল পর্যায়ত স্বাস্থ্যমিত্রসকলে ৰূপায়ণ কৰি আছে।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9e3600bb-baf5-4f8d-9cd5-63b684e590d0/bcbf3b1b_43f9_47aa_ac38_b90ac728410c.jpg)
উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিনিধিবৃন্দকে কৃতজ্ঞতা জ্ঞাপন কৰি ডাঃ বৰাই কয়- "আপোনালোক সকলোৰে আশীৰ্বাদ, সহায় আৰু সহযোগিতাৰ ফলত আমাৰ 'সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি' বিৰিঙোৱাৰ যি উদ্দেশ্য সেই অভিমুখে আমি আগবাঢ়ি যাবলৈ সমর্থ হৈছো।"
উল্লেখ্য যে, ২০১৭বৰ্ষৰ আগষ্ট মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্রণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচিয়ে 'ব্যয়সাধ্য স্বাস্থ্য অভিযান'ৰ সূচনা কৰিছিল। এই অভিযানৰ অন্তৰ্গত 'স্বাস্থ্যমিত্ৰ 'ৰূপে দায়িত্ব পালন কৰি ৬,৫০০ৰো অধিক ব্যক্তিয়ে অসমৰ চুকে-কোণে এক কোটিতকৈও অধিক লোকৰ জীৱন স্পর্শ কৰিছে।
Also Read: বজালীৰ এখন বিদ্যালয়ৰ মাটি দখলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি