কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী সন্দৰ্ভত সংবাদমেল

ষড়যন্ত্ৰকাৰীৰ কূটনীতিয়ে উন্নয়নৰ গতিত বাধাৰ সৃষ্টি কৰিব নোৱাৰে : অধ্যক্ষ হিতেশ্বৰ বৰ্মন
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী সন্দৰ্ভত সংবাদমেল

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী, বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অবৈধভাৱে ৩৪ কোটি টকাৰ ঠিকাক লৈ কামতাপুৰৰ ভিতৰচ’ৰা আৰু ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। এনে সময়তে শনিবাৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰে।

কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলত হিতেশ্বৰ বৰ্মনে তেওঁক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ বাবে এচাম ষড়যন্ত্ৰকাৰীয়ে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি আছে বুলি মন্তব্য কৰে । বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অবৈধভাৱে ৩৪ কোটি টকাৰ ঠিকা আৱণ্টন দিয়া সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেয়া সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি মন্তব্য কৰে।

এই সন্দৰ্ভত হিতেশ্বৰ বৰ্মনে কয় যে পৰিষদৰ অধ্যক্ষ হিচাপে তথা চৰকাৰী নীতি নিয়ম অনুসৰি তেওঁ কাকো ঠিকাৰ কাম আবণ্টন দিব নোৱাৰে। ঠিকা আৱণ্টনৰ প্ৰক্ৰিয়া পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদৰ অনুমোদন আৰু প্ৰধান সচিবৰ কিছু নীতি-নিয়মৰ জৰিয়তেহে আবণ্টনমূলক কাম কাৰ্যকৰী কৰা হয় বুলি স্পষ্ট কৰি দিয়ে হিতেশ্বৰ বৰ্মনে।

অন্তৱৰ্তীকালিন পৰিষদৰ অধ্যক্ষ এজনক এই ক্ষমতা সাংবিধানিকভাৱে দিয়া হোৱা নাই আৰু সেয়েহে এইক্ষেত্ৰত নীতি বহিৰ্ভূতঃভাৱে অধ্যক্ষই কাকো ঠিকা আবণ্টন দিয়াৰ নামত ৱৰ্ক অৰ্ডাৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে। লগতে ভুৱা ৱাৰ্ক অৰ্ডাৰৰ বিপৰীতে শীঘ্ৰেই ন্যায়ালয়ৰ কাষ চাপিব বুলি হিতেশ্বৰ বৰ্মনে মন্তব্য কৰে।

সংবাদমেলত তেওঁ এই বুলিও কয় যে পূৰ্বৰে এক দালালচক্ৰই এই ধৰণৰ কাৰ্যকলাপ সংঘটিত  কৰি আহিছে আৰু তেনে চক্ৰৰ সদস্য ইতিমধ্যে আৰক্ষীৰ জালতো পৰিছে । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত এনে বৃহৎ অংকৰ বিতৰণমূলক ঠিকা আৱণ্টন দিয়া হোৱা নাই বুলি মন্তব্য কৰে।

এই সম্পৰ্কে হিতেশ্বৰ বৰ্মনে কয় যে কোনো ধৰণৰ তথ্য-পাতি নোহোৱা তথা তথ্য প্ৰমাণ বিহীন অযুক্তিকৰ অভিযোগ আনি তেওঁৰ ৰাজনৈতিক জীৱনত কালিমা খোজা কাৰ্য অযুক্তিকৰ আৰু ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে। মুম্বাইৰ JSM কোম্পানীৰ সতে ঠিকা-ঠুকুলী লৈ কোনো ধৰণৰ বৈঠক বা আলোচনাও হোৱা নাই বুলি দাবী কৰে হিতেশ্বৰ বৰ্মনে।

তেঁও কয় যে নকল চহীৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে । এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকলো পক্ষকে আহ্বান জনাই হিতেশ্বৰ বৰ্মনে ষড়যন্ত্ৰকাৰীৰ কুটনীতিয়ে উন্নয়নৰ গতিত বাধাৰ সৃষ্টি কৰিব নোৱাৰে বুলি মন্তব্য কৰে ।

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী সন্দৰ্ভত সংবাদমেল
কাইলৈ বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচঃ জানক পথ-নিৰ্দেশনাৰ সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in