কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল : ৮ জানুৱাৰী পূৰ্বেই কৰক এই সমূহ কাম...

কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল : ৮ জানুৱাৰী পূৰ্বেই কৰক এই সমূহ কাম...

ডিজিটেল সংবাদ,কোকৰাঝাৰ : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ নিৰ্বাচনী আয়োগ তৎপৰতা প্ৰদৰ্শন কৰিছে। ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তিকৰণ, নাম কৰ্তন আৰু শুধৰণিৰ বাবে অহা ৮ জানুৱাৰীৰ পূৰ্বে নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে আবেদন কৰিব পাৰিব বুলি বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত ঘোষণা কৰিছে কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে।

আজি কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে কয় যে, ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তিকৰণ,নাম কৰ্তন আৰু শুধৰণিৰ বাবে কোকৰাঝাৰ জিলা নিৰ্বাচনী কাৰ্যালয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভোটাৰ সহায়ক কেন্দ্ৰ খোলা হৈছে।

তদুপৰি অহা ২৩ ডিচেম্বৰত ৩ নং কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়,কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়,কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ত নতুন নাম পঞ্জীকৰণৰ বাবে বিশেষ অভিযান চলোৱা হ'ব। আনহাতে অহা ২৪ ডিচেম্বৰত ৪ নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত নাম অন্তৰ্ভূক্তিকৰণৰ বিশেষ অভিযান চলোৱা হ'ব।

উল্লেখ্য যে, কোকৰাঝাৰ জিলাত বৰ্তমানলৈকে ফৰ্ম ৬যোগে ২৮৬৩ গৰাকীয়ে,ফৰ্ম ৭যোগে ২৯৯৯ গৰাকীয়ে আৰু ফৰ্ম ৮যোগে ১৪১৫ গৰাকীয়ে সৰ্বমুঠ ৭২৭৭জনৰ পৰা আবেদন লাভ কৰা হৈছে। সংবাদমেলত অফলাইনযোগেও বিএলঅ'ৰ হাতত ফৰ্ম জমা দিব পাৰিব বুলি সংবাদমেলত সদৰি কৰিছে জিলা নিৰ্বাচনী বিষয়াই।

প্ৰণিধানযোগ্য যে,খচৰা ভোটাৰ তালিকা অনুসৰি ২নং দোতমা (জনজাতি) বিধানসভা সমষ্টিত ১৪২ টা ভোট কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,০৫,৬৪৯ জন ৷ ইয়াৰে ৫৩১২৫ গৰাকী পুৰুষ ভোটাৰ আৰু ৫২৫২৪ গৰাকী মহিলা ভোটাৰ । ৩নং কোকৰাঝাৰ ( জনজাতি) বিধানসভা সমষ্টিত ১৭৯ টা ভোটকেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৪০,৫৭৮ জন । ইয়াৰে ৬৯,০৭৩ গৰাকী পুৰুষ ভোটাৰ আৰু ৭১,৫০৫ গৰাকী মহিলা ভোটাৰ।

আনহাতে, ৪নং বাওঁখুংগ্ৰী বিধানসভা সমষ্টিত ২১০ টা ভোট কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৬২,১০৯গৰাকী। ইয়াৰে ৮১,৩০২ গৰাকী পুৰুষ আৰু ৮০,৮০৭ গৰাকী মহিলা বুলি উল্লেখ কৰে। কোকৰাঝাৰ জিলাত ১৮ ৰ পৰা ১৯ বছৰ আৰু ২০ৰ পৰা ২৯ বছৰৰ ভিতৰত ভোটাৰৰ সংখ্যা যেনেদৰে বৃদ্ধি পাব লাগিছিল তাৰ তুলনাত বহুত কম বুলি জানিব পৰা গৈছে।

ইপিনে নতুন নাম অন্তৰ্ভুক্তিকৰণ,নাম কৰ্তন আৰু শুধৰণিৰ ক্ষেত্ৰত ভোটাৰ হেল্পলাইন এপত কাম কৰিবলৈ গৈ জনসাধাৰণে ত্ৰাহি মধুসুধন দেখিছে । চাৰ্ভাৰ সমস্যা, অনলাইনত বেছিভাগ আবেদন নাকচ হোৱা,মোবাইল নম্বৰ আপলোড নোহোৱা, শুধৰণিৰ ক্ষেত্ৰত বেছিভাগতে এচি ( AC) হাজো-শুৱালকুচি বুলি অহা,ইপিক কাৰ্ড নাহা আদি এশ এবুৰি সমস্যাই ভোটাৰক জ্বলাকলা খুৱাইছে।

তেনেক্ষেত্ৰত আৰম্ভ হোৱা বিশেষ অভিযানে ভোটাৰসকলক কেনেদৰে লাভাম্বিত কৰে সেয়া লক্ষণীয় হ'ব। উল্লেখ্য যে, আজি কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সংবাদমেলত নিৰ্বাচনী বিষয়া কেশৱানন্দ টায়ো উপস্থিত আছিল।

কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল : ৮ জানুৱাৰী পূৰ্বেই কৰক এই সমূহ কাম...
কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in