কাজলগাঁৱত সদৌ অসম ট্ৰাইবেল সংঘৰ সংবাদমেল

কাজলগাঁৱত সদৌ অসম ট্ৰাইবেল সংঘৰ সংবাদমেল

ডিজিটেল সংবাদ,চিৰাং : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী বেদখল হৈ থকা জনজাতি বেষ্টনী আৰু আবেষ্টনীসমূহ বেদখলমুক্ত কৰাৰ দাবীত চিৰাঙৰ কাজলগাঁৱত সদৌ অসম ট্ৰাইবেল সংঘই সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেল অনুষ্ঠিত কৰাৰ আগেয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বেদখল হৈ থকা জনজাতি বেষ্টনী আৰু আবেষ্টনীসমূহ বেদখলমুক্ত কৰাক লৈ সম্প্ৰতি চলি থকা পৰিস্থিতিক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

দেওবাৰে কাজলগাঁওস্থিত বড়োলেণ্ড অতিথিশালাত সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সম্পাদক প্ৰধান আদিত্য খাকলাৰীৰ উপস্থিতিত ট্ৰাইবেল সংঘৰ বিটিচি সমন্বয়ৰক্ষী সমিতিৰ উক্ত গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয় । সভাত বিটিআৰৰ বেদখলকৃত জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহ বেদখলমুক্ত কৰিবললৈ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্দেশ আৰু বেদখল হৈ থকা জনজাতি বেষ্টনী আৰু আবেষ্টনী বেদখলমুক্ত কৰিবলৈ বিটিচি প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰা কাৰ্যক সংবাদমেলত আদৰণি জনায়।

লগতে কেৱল জাননী জাৰি কৰিয়েই ক্ষান্ত নাথাকি অবৈধ বেদখলকাৰীসকলক অতিশীঘ্ৰেই উচ্ছেদ কৰিবলৈ সভাই বিটিচি প্ৰশাসনক দাবী উত্থাপন কৰাৰ কথা সংবাদমেলত সদৌ অসম ট্ৰাইবেল সংঘৰ হৈ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সম্পাদক প্ৰধান আদিত্য খাকলাৰীয়ে সদৰি কৰে। জনজাতি লোকসকলৰ প্ৰাপ্য অধিকাৰ আৰু ন্যায় প্ৰাপ্তিৰ হকে সদৌ অসম ট্ৰাইবেল সংঘই নিৰন্তৰভাৱে কাম কৰি আহিছে ।

যাৰ কাৰণেই জনজাতি লোকসকলৰ প্ৰাপ্য অধিকাৰ ওভতাই দিয়াৰ নামত প্ৰশাসনে জাননী জাৰি কৰি কেৱল দুই এখন ঠাইত কেইজনমানক উচ্ছেদ চলালেই নহৱ সমগ্ৰ বিটিআৰত শ শ হেজাৰ হেজাৰ বেদখল হৈ থকা অঞ্চলত যত অসমৰ ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায় অৱমাননা কৰি জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহত অসংৰক্ষিত শ্ৰেণীৰ লোকে বেদখল কৰি আছে বুলি উল্লেখ কৰে ।

সেই বলপূৰ্বকভাৱে বেদখল কৰা লোকসকলক জনজাতি বেষ্টনী আৰু আবেষ্টনীসমূহৰ পৰা সমূলি উচ্ছেদ কৰিবলৈ সভাই দাবী উত্থাপন কৰে । সংবাদমেলত ৰাজনৈতিক নেতা সন্দৰ্ভত কেতবোৰ কথা উল্লেখ কৰা হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বিটিআৰৰ চিৰাং আৰু বাক্সা জিলাত বেদখল হৈ থকা জনজাতি বেষ্টনী আৰু আবেষ্টনীসমূহ বেদখলমুক্ত কৰিবলৈ বিটিচি প্ৰশাসনৰ পৰা জাননী জাৰি কৰাৰ পিছত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে নিজৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ আগত ৰাখি সভা সমিতি অনুষ্ঠিত কৰি ৰাজনৈতিক স্বাৰ্থ জড়িত বিভিন্ন মন্তব্য কৰা সংবাদ মাধ্যমৰ উপৰি সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা বুলি উল্লেখ কৰে ।

তেনে কাৰ্য্যৰ পৰা সংশ্লিষ্ট ৰাজনৈতিক নেতা সকলক আতঁৰি আহি ৰাজনৈতিক স্বাৰ্থৰ উৰ্দ্ধত থাকি জনজাতি লোক সকলৰ সুৰক্ষা আৰু অধিকাৰৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায় । সংবাদমেলত নাম উল্লেখ নকৰিলেও প্ৰকান্তৰে প্ৰাক্তন বিটিচি প্ৰধানজনক লক্ষ্য কৰি জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহত উচ্ছেদ অভিযান চলোৱাৰ উদ্যোগ গ্ৰহণ কৰা বৰ্তমানৰ বিটিচি প্ৰশাসনক সহযোগ কৰিবলৈ আদিত্য খাগলাৰীয়ে আহ্বান জনায় ।

কাজলগাঁৱত সদৌ অসম ট্ৰাইবেল সংঘৰ সংবাদমেল
চুৰাচান্দপুৰত বুজন পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in