/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8a8b84da-9cdc-4385-bdc9-7a9830bc7e57/62.jpg)
ডিজিটেল সংবাদ,শিলচৰ : অশান্ত মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান। অসম ৰাইফলছ আৰু ভাৰতীয় সেনাই মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ এখন গাঁৱত যৌথ অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰৰ ভঁৰাল উদ্ধাৰ কৰে।
গোপন তথ্যৰ ভিত্তিত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে কুকি আৰু মেইটেইৰ মাজত চলি থকা জাতিগত হিংসা এলেকাৰ গেলমোল গাঁৱৰ পৰা দেওবাৰে মাৰণাস্ত্ৰ উদ্ধাৰ কৰে। জানিব পৰামতে অভিযান কালত মেগজিনবিহীন এটা এম ৪ এছল্ট ৰাইফল, মেগাজিনসহ এটা ৯ এম এম পিষ্টল, এটা ষ্টেন মেচিনগান, মেগজিনযুক্ত এটা ৯ মিমি দেশীয় পিষ্টল, মেগাজিনসহ এটা ০.২২ মিমি পিষ্টল, ইম্প্ৰভাইজড মৰ্টাৰসহ বুজন পৰিমাণৰ গোলা-বাৰুদ জব্দ কৰা হয়।
Also Read: তিনিচুকীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান : প্ৰায় ৫কোটি টকাৰ সন্দেহযুক্ত হেৰ'ইন জব্দ