BPF ৰ জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীক পৃথিৰাজে কৰা অপমানৰ বিৰুদ্ধে সংবাদ মেল...

চিৰাঙৰ কাজলগাঁৱত জিলা বিপিএফৰ সংবাদ মেল
BPF ৰ জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীক পৃথিৰাজে কৰা অপমানৰ বিৰুদ্ধে সংবাদ মেল...
BPF ৰ জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীক পৃথিৰাজে কৰা অপমানৰ বিৰুদ্ধে সংবাদ মেল...

ডিজিটেল সংবাদ চিৰাং: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীত্ব দাবী কৰা পৃথিৰাজ নাৰায়ণ দেৱ মেছে বিপিএফ দলৰে জ্যেষ্ঠনেতা তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে কিছু বিতৰ্কিত মন্তব্য কৰাৰ পিছত এতিয়া বিপিএফ দলৰ মজিয়াতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ সম্ভাব্য প্ৰাৰ্থী খাম্ফা বৰগয়াৰীক লক্ষ্য কৰি পৃথিৰাজ নাৰায়ণ দেৱ মেছে কৰা কিছু বিতৰ্কিত মন্তব্যক লৈ বুধবাৰে নিশাৰ পৰা সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলি আছে।

তাৰ মাজতেই আজি চিৰাঙৰ কাজলগাঁৱত জিলা বিপিএফৰ উদ্যোগত দলৰ অন্যান্য মৰ্চাৰ দলীয় নেতাসকলৰ উপস্থিতিত সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেল সম্বোধন কৰি চিৰাং জিলা বিপিএফৰ সভাপতি তথা নিচিমা সমষ্টিৰ পাৰিষদ জেমচ বসুমতাৰীয়ে ১নং কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলৰ পৰা প্ৰাৰ্থীত্ব বিচৰা পৃথিৰাজ মেছৰ সাম্প্ৰতিক কিছু কাৰ্য্যকলাপক লৈ তীব্ৰ সমালোচনা কৰে আৰু তেখেতৰ লেকাম বিহীন ভাষ্যৰ তীব্ৰ নিন্দা কৰে। লগতে এনেধৰনৰ কাৰ্য্যক গৰিহণাও দিয়ে ।

সংবাদ মেলত জেমচ বসুমতাৰীয়ে কয় যে, পৃথিৰাজ নাৰায়ণ দেৱ মেছে বিপিএফ দলৰ টিকট বিচাৰি আৱেদন কৰিছে ইয়াত আমাৰ ক'বলগীয়া একো নাই। কিন্তু বিপিএফ দলৰ পৰা দলীয় টিকট বিচাৰি এতিয়া বিপিএফ দলৰে আন এজন জ্যেষ্ঠ বৰেণ্য নেতাক ৰাজহুৱাভাবে এইদৰে অপমানসূচক ভাষা প্ৰয়োগ কৰি সংবাদ মাধ্যমত ভাষ্য প্ৰদান কৰি আছে যিটো আমি সহজভাবে মানি ল'ব পৰা নাই। বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থাকি ভাল পোৱা পৃথিৰাজ নাৰায়ণ দেৱ মেছৰ আচলতে কোন দলৰ সদস্য বুলি প্ৰশ্ন উত্থাপন কৰে? যদি বিপিএফ দলৰ সদস্য হয় তেনেহলে কোন প্ৰাইমাৰী সমিতিৰ সদস্য জনাব পাৰিব নে? তেখেতৰ লগত দলীয় পৰিচয় পত্ৰ আছেনে? কিহৰ ভিত্তিত বা কাৰ দ্বাৰা প্ৰচোৰিত হৈ বিপিএফ দলৰ এজন জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰীক এইদৰে সভ্য সমাজত মুকলিকৈ ক'ব নোৱাৰা ভাষাৰে সমালোচনা কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰে।

তেখেতৰ এনেধৰনৰ কাৰ্য্যকলাপৰ আঁৰত কোনো তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে জেমচ বসুমতাৰীয়ে। পৃথিৰাজ নাৰায়ণ দেৱ মেছৰ এনেধৰণৰ উদ্দেশ্য প্ৰণোদিত কাৰ্যক চিৰাং জিলা বিপিএফ দলে তীব্ৰ গৰিহণা দিয়ে লগতে এনেধৰণৰ কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

উল্লেখ্য যে বিগত কিছুদিন ধৰি ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ সম্ভাব্য প্ৰাৰ্থী তালিকাৰ তিনিগৰাকী সদস্যৰ ভিতৰত বয়সত কনিষ্ঠ পৃথিৰাজ নাৰায়ণ দেৱ মেছে আন এগৰাকী বিপিএফ দলৰ জ্যেষ্ঠ নেতা তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্যতম দাবীদাৰ খাম্ফা বৰগয়াৰীক উদ্দেশ্য কৰি এটাৰ পিছত এটা বিতৰ্কিত মন্তব্য কৰি আহিছিল। এই বিষয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলি থকাৰ পিছত এই সমগ্ৰ বিষয়টোক লৈ সম্প্ৰতি বিপিএফ দলৰ মাজতে তীব্ৰ অন্তঃকলহ সৃষ্টি হৈছে । এতিয়া দলীয় নেতা কৰ্মীসকলে এই বিষয়টো লৈ শীৰ্ষ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। যাৰ নেতিবাচক প্ৰভাৱ আগন্তুক লোকসভা নিৰ্বাচনত পৰিব পাৰে বুলি আশংকা ব্যক্ত কৰে দলীয় নেতাসকলে ।

BPF ৰ জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীক পৃথিৰাজে কৰা অপমানৰ বিৰুদ্ধে সংবাদ মেল...
'কা' প্ৰত্যাহাৰ কৰা নহ'ব, এই আইনৰ লগত নাই বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য - গৃহমন্ত্ৰী অমিত শ্বাহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in