'কা' প্ৰত্যাহাৰ কৰা নহ'ব, এই আইনৰ লগত নাই বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য - গৃহমন্ত্ৰী অমিত শ্বাহ

বিৰোধীয়ে ৰাজনীতি কৰাৰ অভিযোগ
'কা' প্ৰত্যাহাৰ কৰা নহ'ব, এই আইনৰ লগত নাই বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য - গৃহমন্ত্ৰী অমিত শ্বাহ
'কা' প্ৰত্যাহাৰ কৰা নহ'ব, এই আইনৰ লগত নাই বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য - গৃহমন্ত্ৰী অমিত শ্বাহ

ডিজিটেল ডেস্কঃ 'নাগৰিকত্ব সংশোধনী আইন কেতিয়াও প্ৰত্যাহাৰ কৰা নহ'ব। বিজেপি চৰকাৰে এই আইনৰ সৈতে কেতিয়াও আপোচ নকৰে।'-অসমকে ধৰি সমগ্ৰ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতে এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।

এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গৃহমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এই সাক্ষাৎকাৰতে তেওঁ বিৰোধীকো কটাক্ষ কৰিবলৈ পাহৰা নাই। বিৰোধী INDIA শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহ্বাৰ কৰা হ'ব বুলি যি ঘোষণা কৰিছে, সেই ঘোষণাৰ প্ৰত্যুত্তৰ প্ৰদান কৰি তেওঁ কয়, বিৰোধীয়ে জানে তেওঁলোক ক্ষমতালৈ অহাৰ সম্ভাৱনা ক্ষীণ।

দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিক্ৰিয়া, প্ৰতিবাদৰ সমালোচনা কৰি তেওঁ কয়, বিজেপিয়ে ২০১৯ ৰ নিৰ্বাচনৰ ইস্তাহাৰত স্পষ্টকৈ উল্লেখ কৰিছিল চি এ এ আনিব আৰু পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ শৰনাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। বিজেপিৰ এক স্পষ্ট কাৰ্যসূচী আছে। বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ আধাৰতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ চনত সংসদৰ দুয়ো সদনত গৃহীত হৈছিল। কোভিডৰ বাবেহে ইয়াক কাৰ্যকৰী কৰাত পলম হৈছিল।

এই আইনখন এতিয়া বাতিল বা প্ৰত্যাহাৰ কৰাটো অসম্ভৱ বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, চি এ এ বিজেপি দলে, নৰেন্দ্ৰ মোডীয়ে আনিছে। ইয়াক বাতিল কৰাটো অসম্ভৱ। সমগ্ৰ দেশতে এই আইনৰ সপক্ষে সজাগতা সৃষ্টি কৰিব বুলিও উল্লেখ কৰি তেওঁ কয়, এই আইন অসাংবিধানিক নহয়। আইনখনে সংবিধান উলংঘন কৰা নাই। এই আইন সংবিধানৰ অনুচ্ছেদ ১৪ ৰ সৈতে জড়িত।

নাগৰিকত্ব সংশোধনী আইনক বিৰোধিতা কৰা, সমালোচনা কৰা ৰাহুল গান্ধী, মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল আদিৰ দৰে নেতাই অসত্যৰ আশ্ৰয় লৈ আইনখনক লৈ ৰাজনীতি কৰিছে বুলিও দাবী কৰিছে। বিজেপিৰ এই আইনৰ সৈতে ৰাজনৈতিক লাভ, লোকচানৰ কোনো প্ৰশ্ন নাই বুলিও দাবী কৰিছে। তেওঁৰ মতে বিৰোধিৰহে এই আইনক লৈ ৰাজনৈতিক লাভৰ উদ্দেশ্য আছে। বিজেপিৰ লক্ষ্য হৈছে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা ধৰ্মীয় নিৰ্যাতিত সংখ্যালঘুসকলক অধিকাৰ আৰু ন্যায় প্ৰদান কৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in