/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/26b617cb-ba5a-4086-adbf-635ceac49b84/241.jpg)
ডিজিটেল সংবাদ,লামডিং : হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদকৰ মৃত্যুত সমগ্ৰ লামডিং লগতে হোজাই জিলাতো শোকৰ ছাঁই বিৰাজ কৰিছে। উল্লেখযোগ্য যে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ লগতে লামডিং বাংলা সাহিত্য সংস্কৃতি মঞ্চৰ কোষাধ্যক্ষ তথা লামডিং শাখা সাহিত্য সভাৰ নিষ্ঠাবান কৰ্মী প্ৰণৱ চৌধুৰীৰ নিশা শুই থকা অৱস্থাতেই আকস্মিক বিয়োগ ঘটে।
এই খবৰ বিয়পি পৰাৰ লগে লগে হোজাই জিলাৰ লগতে লামডিংত শোকৰ ছাঁ পৰে ৷ তেওঁ লামডিং লোক নিৰ্মাণ বিভাগৰ উচ্চবৰ্গ কাৰ্য্যালয় সহায়ক (বৰ বাবু ) হিচাপে কৰ্মৰত কৰি আছিল ৷ মৃত্যুৰ সময়ত ইহসংসাৰত এজন পুত্ৰ,পত্নী,মাতৃ আৰু এগৰাকী ভাতৃ এৰি থৈ যায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a9c718df-ea9a-4783-809b-c53bbcab478a/4f02d169_3d18_45c8_a473_cdd78f80a9ab.jpg)
মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৩ বছৰ আছিল । তেওঁ বেঙ্গলী সাহিত্য সংস্কৃতি মঞ্চৰ কোষাধক্ষ্য আৰু অসম সাহিত্য সভাৰ আজীৱন সভ্য ৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে লামডিং প্ৰেছ ক্লাব, কৰ্মচাৰী পৰিষদ , লামডিং বেঙ্গলী সাহিত্য সংস্কৃতি মঞ্চ, লামডিং লোক নিৰ্মাণ বিভাগ,লামডিং শাখা সাহিত্য সভা , লামডিং বিভিন্ন দল সংগঠন ৰাজনৈতিক দলৰ লগতে হোজাই জিলা সাহিত্য সভা ,অসম উন্নতি সভা,হোজাই জিলা সমিতি,হোজাই আমছু আদি সংগঠন আৰু সাংস্কৃতিক ব্যক্তিসকলে ।
Also Read: আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত এ চি এ সভাপতি একাদশ চেম্পিয়ন