গোলাঘাটৰ বৰকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ উদঘাটন...

গোলাঘাটৰ বৰকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ উদঘাটন...
গোলাঘাটৰ বৰকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ উদঘাটন...

ডিজিটেল সংবাদ ঘিলাধাৰীঃ ১৫ ডিচেম্বৰ, বৃহস্পতিবৰে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনৰ বৰকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মীত প্ৰৱেশদ্বাৰ উদঘাটন কৰা হয়৷ পুৱা প্ৰয়াত সমাজকৰ্মী ঘনকান্ত কোঁচৰ সোঁৱৰণত নিৰ্মাণ কৰা প্ৰৱেশদ্বাৰ উদঘাটন কৰে সংশ্লিষ্ট বিদ্যালয়ৰ অৱসপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰ্মল ৰাজখোৱাই৷

ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয়৷ উক্ত সভা আঁত ধৰে বিদ্যালয়ৰ সহঃ শিক্ষক অনিল শৰ্মা বৰদলৈয়ে৷ সভাৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ অৱসপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন্দ্ৰ নাথ হাজৰিকাই৷

আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালি গগৈয়ে৷ সভাত প্ৰৱেশদ্বাৰ দাঁতা তথা তেল প্ৰাকৃতিক গেছ নিগমৰ অৱসপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া সৰ্বানন্দ কোঁচ, সহধৰ্মিনী তথা বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা ভাৰতী গগৈ কোঁচ, অৱসপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰ্মল ৰাজখোৱা, দেৱেন বৰা, সদৌ চুতীয়া জাতি সন্মিলনীৰ সভাপতি বিবুল হাজৰিকা, অৱসপ্ৰাপ্ত শিক্ষক দুগ্ধ বৰা, বৰকছাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰত্ন বৰা, বিদ্যালয়ৰ অৱসপ্ৰাপ্ত চতুৰ্থ শ্ৰেণী কৰ্মচাৰী উমাকান্ত শইকীয়া, শিক্ষক দীন সোনোৱাল, পুস্প নাথ চুতীয়া, বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি অনিল বৰা, সমাজকৰ্মী মাখন হাজৰিকা, বৰকছাৰী গাঁওবুঢ়া নৃপেন চুতীয়া, সাংবাদিক অজয় শইকীয়া, কুমুদ বৰাকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে৷

সভাৰ মাজতে দাঁতা সৰ্বানন্দ কোঁচ, সহধৰ্মিনী ভাৰতী গগৈ কোঁচক বিদ্যালয়ৰ তৰফৰ পৰা গামোছা- চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷দাতা পৰিয়ালবৰ্গৰ এনে মহান পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰে৷

গোলাঘাটৰ বৰকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ উদঘাটন...
ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ দ্বিতীয় বৰ্ষপূৰ্তী: ধৰ্ম কান্ত মহন্তক সমাজৰত্ন বঁটা প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in