/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/16095d6f-ede5-4c7c-bfd5-e1aa5555f902/16.jpg)
ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত যাতায়াতৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি আই নৈৰ ওপৰত প্ৰায় ১কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী দলং মুকলি কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই । দেশ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাত যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত বহু পিছ পৰি আছিল ।
চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা আই নদীয়ে বিছিন্ন কৰি ৰাখিছিল বৃহত্তৰ বেংতল-টুক্ৰাঝাৰ আৰু পাটাবাৰী, আমটেকা অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থা। বিশেষকৈ বাৰিষাৰ বতৰত কেইবামাহ বিপদসংকুলভাৱে টুলুঙা নাৱেৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে যাতায়াত কৰিব লগা হৈছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c8c05b55-34b7-48d3-b69e-6f45f1a96dd5/c65b5211_0333_430e_a750_5b8ddd5427d5.jpg)
বিগত সময়ছোৱাত নাও দুৰ্ঘটনাত প্ৰাণহানিৰ দৰে ঘটনাও সংঘটিত হোৱাৰ নজিৰ আছে । যাৰ কাৰণে নৈপৰীয়া ৰাইজে আই নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰি আহিছিল ।
সেইমতে ২০২১ চনত তদানীন্তন হাগ্ৰামা মহিলাৰীৰ শাসনকালত এই দলঙৰ শিলান্যাস কৰা হৈছিল। এক দীঘলীয়া সময় বিভিন্ন সমস্যাক নেওচি বৰ্তমান ইউপিপিএল চৰকাৰৰ দিনত এই আই নৈৰ ওপৰত এই পকী দলঙৰ কাম সম্পূৰ্ণ কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bd4463b9-87c2-414e-8ac2-dd39c24abfcd/b88d1c94_319d_473b_9212_96647c0e03ae.jpg)
আজি ভাৰত-ভূটান সীমান্তৰ এলেকাক সংযোগ স্থাপন কৰা ৬৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা পকী দলঙখন শুকুৰবাৰে প্ৰমোদ বড়োই উদ্বোধন কৰি আই নদীৰ নৈপৰীয়া ৰাইজৰ উৎসৰ্গিত কৰে । ভাৰত-ভূটান সীমান্তৰ অতিকৈ পিছত পৰি থকা অঞ্চলটোত এই দলং উদ্বোধন কৰাক লৈ স্থানীয় ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা দেখা পৰিলক্ষিত হয় ।
উল্লেখ্য যে ভাৰত চৰকাৰৰ উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্ৰায় ৬৯ কোটি টকা ব্যয় সাপেক্ষে ৯.১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পকী দলং নিৰ্মাণ সম্পন্ন কৰে চিৰাং জিলাৰ চাপাগুৰী বিশিষ্ট ব্যবসায়ী তথা উদীয়মান ঠিকাদাৰ অচিন্ত্য নাৰ্জাৰীয়ে । আজি এই আই নৈৰ নৱনিৰ্মিত দলঙৰ উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি এখন জনসভা অনুষ্ঠিত হয় ।
কেইবা সহস্ৰাধিক লোক উপস্থিত থকা সভাত বিটিচি প্ৰধান প্ৰমোদ বড়োই নিজৰ ভাষণত উল্লেখ কৰে যে, এটা নিদিষ্ট অঞ্চলৰ উন্নয়ন হ'ব লাগিলে প্ৰথমতে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত হ'ব লাগিব। বিটিআৰৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাত যাতায়াত ব্যবস্থা বহুতো পিচ পৰা বুলি সৰ্বজনবিদিত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/051cac9b-5459-4d9b-b81a-3c262330a78c/d19d64d0_3528_492b_b933_3384645d20eb.jpg)
বিটিচিৰ পূৰ্বৰ চৰকাৰৰ দিনত এই সীমান্ত অঞ্চলত উন্নয়ন কেবল ভাষণত হৈছিল কাৰ্য্যক্ষেত্ৰত একোৱেই কাম হোৱা নাই বুলি উল্লেখ কৰে । 'যাৰ কাৰণে আমি চৰকাৰ গঠন কৰিয়েই সীমান্ত এলেকাৰ পিচপৰি থকা অঞ্চলৰ জনসাধাৰণৰ লগতে যাতায়াত ব্যৱস্থাক উন্নত কৰাত গুৰুত্ব আৰোপ কৰা কাম কৰি আছিলো । আজি পবিত্ৰ শিৱৰাত্ৰিৰ দিনা আই নৈৰ ওপৰত নিৰ্মাণ কৰা এই নতুন পকীদলং সীমান্তবাসী ৰাইজৰ নামত উৎসৰ্গিত কৰিব পাৰি মনত আনন্দ লাগিছে' বুলি প্ৰকাশ কৰে ।
সামান্তৰালকৈ দলঙখন উদ্বোধন কৰাৰ পাছত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলবাসী ৰাইজে । আজিৰ এই নতুন দলং উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,ধনঞ্জয় বসুমতাৰী, পাৰিষদ মাধৱ ছেত্ৰী, জিলা আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীসহ বহু আমন্ত্ৰিত লোক উপস্থিত আছিল ।
Also Read: উৎকোচ লৈ হাত দাঙিলে এগৰাকী বন বিষয়াই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us