নিজৰ সতীৰ্থকে ডেপুটেচনত পঠাই হাগ্ৰামা মহিলাৰীয়ে : প্ৰমোদ বড়ো

নিজৰ সতীৰ্থকে ডেপুটেচনত পঠাই হাগ্ৰামা মহিলাৰীয়ে : প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰ: "হাগ্ৰামা মহিলাৰীৰ চিন্তা বেলেগ ধৰণৰ। তেওঁৰ চিন্তা আনে বুজি নাপায়। তেওঁ নিজৰ সতীৰ্থকে ডেপুটেচনত পঠায়। বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীক তেওঁ বিজেপিলৈ ডেপুটেচনত পঠাইছিল। ডেপুটেচন শেষ হ'ল, এতিয়া আকৌ বিপিএফলৈ ঘূৰি আহিল"। এই মন্তব্য ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ।

বিপিএফৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ইউপিপিএল দলত যোগদান কৰি কোকৰাঝাৰ লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব বুলি চৰ্চা লাভ কৰাৰ সময়তে বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা প্ৰশ্নোত্তোৰত ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উক্ত মন্তব্য প্ৰকাশ কৰিছে ।

তেওঁ কয় যে, যি পৰিৱেশৰ বাবে ইমানুৱেল মুছাহাৰী ওলাই যাব লগা হৈছিল তেনে পৰিৱেশৰ যাতে আৰু সৃষ্টি নহয় তাৰ প্ৰতি মহিলাৰীয়ে গুৰুত্ব দিয়া উচিত। বৰ্তমান লাহে লাহে ৰাজনীতি ভাল হৈ আহিছে আৰু হাগ্ৰামাৰ নাটক সকলোৱে বুজি পোৱা হৈছে। বিগত ১৭ বছৰে একো কাম কৰা নাই বুলি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি ৰাইজে এতিয়া আৰু গোষ্ঠীসংঘৰ্ষ, ভাতৃঘাতী সংঘৰ্ষ নিবিচাৰে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।

নিজৰ সতীৰ্থকে ডেপুটেচনত পঠাই হাগ্ৰামা মহিলাৰীয়ে : প্ৰমোদ বড়ো
এ পি এচ চি কেলেংকাৰীত জড়িত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in