/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cbf56f4b-d4b4-4f81-ad7a-32dd4d2f76a3/5.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ হালোৱাদল ভিচিডিচিৰ অন্তৰ্গত গাওঁবুঢ়া ভৱনৰ কাষৰ দক্ষিণ কাশীবাৰী খেলপথাৰত "বিকশিত ভাৰত সংকল্প যাত্ৰা" উপলক্ষে বুধবাৰে এক বিশাল সভা অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dde11f4f-a8a0-442a-a9a0-b05fa2ba1115/8b6db11f_ca83_46a4_b6d5_cfcf0bf09bf0.jpg)
আদিবাসী সমাজে ভগৱান হিচাপে মানি অহা বীৰছা মুণ্ডাৰ ১৫ নবেম্বৰত জন্মজয়ন্তী । এই দিনটো আদিবাসী সমাজে জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। জনজাতি গৌৰৱ দিৱস উপলক্ষে 'বিকশিত ভাৰত সংকল্প যাত্ৰা' আৰম্ভ কৰা হৈছে । বিশেষকৈ স্বাধীনতাৰ ৭৫ বছৰ পিছতো যিবোৰ জনজাতি অঞ্চলৰ এতিয়াও উন্নয়ন হোৱা নাই তেনে জনজাতি অঞ্চলৰ উন্নয়ন সাধন কৰাই হ'ব এই যাত্ৰাৰ মূল লক্ষ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2de4fbcd-a67f-4344-9c2c-ba621e961784/33f6e310_3481_47e3_a638_7ffd127d3abb.jpg)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন পুৰণ কৰিবলৈ হ'লে প্ৰতিটো অঞ্চলৰ উন্নয়ন সাধন কৰিব লাগিব। ইতিমধ্যে চৰকাৰে বহু জনমুখী আঁচনি আগবঢ়াইছে আৰু হিতাধিকাৰীসকলো উপকৃত হৈছে। বীৰছা মুণ্ডাক সন্মান দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই আঁচনি সুন্দৰ বুলি মন্তব্য কৰি বীৰছা মুণ্ডাৰ জন্মজয়ন্তীত বীৰগৰাকীৰ প্ৰতি সশ্ৰদ্ধ প্ৰণাম যাঁছে প্ৰমোদ বড়োৱে।
আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক ৰজা পাতি পুণৰ অঞ্চলটোত হত্যা- হিংসা - দুৰ্নীতি হোৱাটো ৰাইজে কেতিয়াও নিবিচাৰে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনকালত সংঘটিত হোৱা হত্যা -হিংসা -দুৰ্নীতিৰ কথা মনত পৰিলে ৰাইজ আজিও শিয়ৰি উঠে বুলি মন্তব্য কৰে।
তদুপৰি যোৱা বিধানসভা নিৰ্বাচনতে হাগ্ৰামা মহিলাৰীৰ কঁকাল পৰিছে আৰু মূৰ দাঙি উঠিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। বুধবাৰৰ এই অনুষ্ঠানত বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে নিজ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে আৰু বিভিন্ন আঁচনিৰ দ্বাৰা তেওঁলোক লাভাম্বিত হৈছে বুলি মন্তব্য কৰে। এই অনুষ্ঠানত এখনি সজাগতামুলক নাট প্ৰদৰ্শন কৰা হয়।
উল্লেখ্য যে, উক্ত কাৰ্যসূচীত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য সচিব জে. বি. এক্কা, জিলা উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।