চোৰাং গৰুৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ফটো সাংবাদিকক আৰক্ষীৰ অভব্য আচৰণ

চোৰাং গৰুৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ফটো সাংবাদিকক আৰক্ষীৰ অভব্য আচৰণ

ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত এলেকাত নিশা আৰক্ষীৰ জ্ঞাতসাৰেই গৰুৰ চোৰাং সৰবৰাহ চলি আছে । কাজলগাঁও থানাৰ আৰক্ষীৰ লোকেই প্ৰকান্তৰে চোৰাং গৰু কঢ়িয়াই নিয়া বাহনসমূহক অইন জিলালৈ যোৱাত সহায় কৰে বুলি জানিব পৰা গৈছে ।

কাজলগাঁও থানাৰ আৰক্ষীৰ বিৰুদ্ধে এই সম্পৰ্কে বিভিন্ন পক্ষৰ পৰা এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে । কাজলগাঁও আৰক্ষী থানাৰ ধৃতৰাষ্ট্ৰৰ ভূমিকাত একপ্ৰকাৰ অতিষ্ঠ হৈ বৃহস্পতিবাৰে পুৱতি নিশা এংকৰবাৰী এলেকাত পহৰাৰত গাঁওৰক্ষী বাহিনীৰ সহযোগত একাংশ স্থানীয় লোকে ৮টাকৈ চোৰাং গৰু কঢ়িয়াই নিয়া চাৰিচকীয়া বাহন জব্দ কৰি আৰক্ষীৰ লোকক গতাই দিয়াৰ পিছত এনেধৰনৰ অভিযোগ উত্থাপিত হৈছে।

দীৰ্ঘদিন চলি বাধাবিহীনভাৱে চলি থকা চোৰাং গৰু সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কাজলগাঁও থানাৰ আৰক্ষীয়ে বিশেষ ব্যবস্থা গ্ৰহণ নকৰিলেও ৰাইজে জব্দ কৰি দিয়া চোৰাং গৰুৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল দুই সাংবাদিক। কিন্তু প্ৰতিদিন টাইম আৰু এনডি-২৪ চেনেলৰ ফটো সাংবাদিক দুজনৰ সৈতে কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নে দুৰ্ব্যৱহাৰ কৰাৰ উপৰি তেওঁলোকৰ মোবাইল কেমেৰাত চোৰাং গৰুৰ আবদ্ধ কৰা ভিডিও ডিলিট কৰিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

আৰক্ষী বিষয়াজনে ইয়াতে ক্ষান্ত নাথাকি এই ভিডিও যদি ভবিষ্যতে সংবাদ মাধ্যমত প্ৰচাৰিত হয় তেনেহলে ফটো সাংবাদিক দুজন ভবিষ্যতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি একপ্ৰকাৰৰ ভাবুকি প্ৰদান কৰে । অথচ আজি এনডি-২৪ চিৰাঙৰ সাংবাদিক ইজাজুল হকে কাজলগাঁও থানাত কৰ্তব্যৰত এগৰাকী আৰক্ষী বিষয়াৰ পৰা মৌখিক অনুমতি লোৱাৰ পিছত কাজলগাঁও থানা গৃহৰ পিছফালে বান্ধি ৰখা জব্দ গৰুৰ ভিডিঅ' সংগ্ৰহ কৰিবলৈ ফটো সাংবাদিক দুজনক পঠোৱা হৈছিল।

দুই সাংবাদিকক কয়-'জিলা আৰক্ষী অধীক্ষকৰ অনুমতি অবিহনে থানা চৌহদত ভিডিও সংগ্ৰহ কৰিব নোৱাৰা। আগলৈ যদি থানাৰ চৌহদত কিবা ভিডিঅ' সংগ্ৰহ কৰিবলৈ অহা তাৰ আগতে জিলা আৰক্ষী অধীক্ষকৰ পৰা অনুমতি লৈ আহিবা' বুলি ফটো সাংবাদিক দুজনক সতৰ্কবাণী শুনাই দিয়ে ।

সেই মুহূৰ্তত সাংবাদিকসকল জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভাত সংবাদ সংগ্ৰহৰ কামত ব্যস্ত আছিল। তাৰ পিছত সাংবাদিকসকলে কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নৰ দ্বাৰা ফটো সাংবাদিক সকলৰ সৈতে কৰা দুৰ্ব্যৱহাৰ কথা জনাৰ পিছত সাংবাদিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

সাংবাদিকসকলে উক্ত সভাতে উপস্থিত থকা চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰাক উভতি ধৰে। থানাৰ বাহিৰত জব্দ কৰি ৰখা চোৰাং গৰুৰ ভিডিও সংগ্ৰহ কৰিবলৈ আৰক্ষী অধীক্ষকৰ অনুমতি লাগে নেকি বুলি প্ৰশ্ন কৰে।

লগতে কয়- 'নহ'লে কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নে আপোনাৰ দোহাই দি দুই ফটো সাংবাদিকৰ মোবাইল কেমেৰাৰ পৰা চোৰাং গৰু ভিডিঅ' ডিলিট কৰি দিছে' বুলি কয় । এই সন্দৰ্ভত আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই কয়-'আৰক্ষী থানাৰ ভিতৰত কোনো অভিযুক্ত বা আচামীৰ ফটো সংগ্ৰহ কৰা নিষেধ কিন্তু থানাৰ গৃহৰ বাহিৰত বা চৌহদত জব্দ কৰি ৰখা চোৰাং গৰুৰ ভিডিও সংগ্ৰহ কৰিবলৈ মোৰ অনুমতি কিয় লাগে' বুলি মন্তব্য কৰে।

তদুপৰি এই চোৰাং গৰু জব্দ কৰা সন্দৰ্ভত সংশ্লিষ্ট থানাত ইতিমধ্যেই গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু এই সংক্ৰান্তত ভাৰপ্ৰাপ্ত বিষয়াজনৰ সৈতে কথা পাতিম।কি কাৰণত সাংবাদিক সকলৰ সৈতে এই ব্যবহাৰ কৰিলে ।

ইপিনে আজি পুৱতি নিশা চোৰাং গৰু কঢ়িয়াই বাহন জব্দ কৰা সন্দৰ্ভত স্থানীয় লোকে সদৰি কৰে যে যোৱা কিছুদিন ধৰি তেওঁলোকৰ গাওঁখনত গৰুচুৰিৰ দৰে ঘটনা সংঘটিত হৈ আছিল । যাৰ কাৰণে গাঁওবাসীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত নিশা পহৰাৰ ব্যৱস্থা কৰে ।

এংকৰবাৰী এলেকাত পহৰা দি থকা অৱস্থাত উত্তৰ দিশৰ পৰা এ এচ-১৯ এচি ৪৫৪৩ পঞ্জীয়ন নম্বৰৰ চুজুকী পিকআপ ভেন আহি থকা দেখা পাই ৰখিবলৈ সংকেত দিয়ে। কিন্তু বাহন চালকজনে গাঁওৰক্ষী বাহিনীৰ সংকেত অৱমাননা কৰি তীব্ৰ গতিত পলায়ন কৰাৰ চেষ্টা কৰে ।

তেতিয়া পহৰাৰত গাঁওৰক্ষী বাহিনীৰ লগতে ৰাইজে খেদি খেদি গৈ গৰু কঢ়িয়াই বাহনসহ দুজন যুৱকক আটক কৰে । আটক কৰাৰ কিছু সময়ৰ ভিতৰতে ঘটনাস্থলীত কাজলগাঁও থানাৰ টহলদাৰী আৰক্ষীৰ বাহন আহি উপস্থিত হয় ।

টহলদাৰী আৰক্ষীৰ সৈতে চোৰাং গৰু সৰবৰাহ কৰা বিষয়টো লৈ তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় । আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ বিৰুদ্ধ চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ সৈতে মিতিৰালি কৰাৰ অভিযোগ উত্থাপন কৰে ।

এই সমগ্ৰ ঘটনাৰ ভিডিও সংগ্ৰহ কৰি ৰাখে পহৰাৰত গাঁওৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজে। লক্ষ্যনীয় যে আজি পুৱতি নিশা চোৰাং গৰু জব্দ কৰা গাঁওৰক্ষী বাহিনীৰ সৈতে লগত থকা যুৱক সকলৰ পৰিয়ালৰ লোকক বিভিন্ন ফালৰ পৰা মানসিকভাৱে হাৰাশাস্তি কৰা হৈ আছে বুলি ভুক্তভোগী এজন যুৱকে ফোনযোগে সংবাদ মাধ্যমৰ লোকক অভিযোগ উত্থাপন কৰে ।

কাজলগাঁও থানা এলেকাত নিশাৰ ভাগত একাংশ দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ সৈতে গোপন বুজাবুজিৰে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰ এটাই দীৰ্ঘদিনৰ পৰা গৰু সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌ বডোলেণ্ড সাংবাদিক সন্থা আৰু চিৰাং জিলা প্ৰেছ ক্লাৱৰ সভাপতি আবু বক্কৰ ছিদ্দিকে।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ পৰা নিশাৰ ভাগত কেইবাটাও পথেদি চোৰাং গৰু চাৰিচকীয়া বাহনত উঠাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ বঙাইগাঁও জিলাত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰে । সেই তথ্যৰ সত্য সত্যতাৰ প্ৰমান কৰিবলৈ কেইদিনমান আগতে জ্যেষ্ঠ সাংবাদিকজনে ঢালিগাঁও বৰতালোৱাৰ পৰা পুৱতি নিশা প্ৰায় ২ বজাত নিজ বাহনেৰে হাস্ৰাওবাৰী এলেকাত উপস্থিত হয় ।

হাস্ৰাওবাৰী এলেকাত যোৱাৰ সময়ত পথত পহৰাৰত আৰক্ষীৰ বাহন যাতায়াত কৰা পৰিলক্ষিত হয় । এটা নিদিষ্ট ঠাইত তথাকথিত কেইবাজনো ছাত্ৰ সংগঠনৰ নেতাকৰ্মীকো চোৰাং গৰু কঢ়িয়াই নিয়া বাহনৰ বাবে অপেক্ষা কৰা দেখিবলৈ পায় ।

উক্ত ঠাইতে কিছু সময় লুকাই থকাৰ সময়ত পথছোৱাদি কাজলগাঁও থানাৰ টহলদাৰী আৰক্ষীৰ বাহন ঘনে ঘনে যাতায়াত কৰা প্ৰত্যক্ষ কৰে । তাৰ ক্ষন্তেক পিছতে উত্তৰ দিশৰ পৰা এখন চোৰাং গৰু কঢ়িয়াই নিয়া চাৰিচকীয়া বাহন আহি থকাৰ সময়তে পথৰ বিপৰীত দিশৰ পৰা টহলদাৰী আৰক্ষীৰ বাহন এখন আহি চোৰাং গৰু কঢ়িয়াই নিয়া বাহনচালকৰ সৈতে প্ৰায় ১০ চেকেণ্ড কথা পতা প্ৰত্যক্ষ কৰে ।

সাংবাদিক আবু বক্কৰ ছিদ্দিকে তেওঁ নিজ চকুৰে এই সমগ্ৰ ঘটনা দেখাৰ পিছত কয় যে কাজলগাঁও থানা এলেকাত দীৰ্ঘদিন ধৰি চলি থকা চোৰাং গৰুৰ সৰবৰাহৰ সৈতে একাংশ দুৰ্নীতিগ্ৰস্থ আৰক্ষীৰ লোক যে জড়িত আছে তাত কোনো সন্দেহ নাই । নহ'লে আজি পুৱতি নিশা গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় লোকে চোৰাং গৰুসহ বাহন জব্দ কৰি আৰক্ষীৰ হাতত গতাই দিয়াৰ পিছত সেই গৰুৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককসকলৰ সৈতে এনে ধৰণৰ অনাকাংক্ষিত দুৰ্ব্যৱহাৰ কিয় কৰিলে ।

আৰক্ষী বিষয়াজনৰ এই অভব্য আচৰণ কৰাৰ আঁৰত কি ৰহস্য লুকাই থাকিব পাৰে, হয়তো তেওঁ জব্দ কৰা চোৰাং গৰুৰ বাতৰি পোহৰলৈ অহাটো বুলি বিচৰা নাই বুলি সন্দেহ প্ৰকাশ কৰে ।

চোৰাং গৰুৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ফটো সাংবাদিকক আৰক্ষীৰ অভব্য আচৰণ
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in