বাক্সাত PMAY গৃহৰ নামত ব্যাপক কেলেংকাৰী...

বাক্সাত PMAY গৃহৰ নামত ব্যাপক কেলেংকাৰী...
বাক্সাত PMAY গৃহৰ নামত ব্যাপক কেলেংকাৰী...

ডিজিটেল সংবাদ মুছলপুৰঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হ'ব বুলি ৰাজ্য তথা বিটিআৰ চৰকাৰে বাৰে বাৰে ঘোষণা কৰাৰ পাছতো গা লৰা নাই একাংশ ভি.চি.ডি.চি.ৰ অধ্যক্ষ, অধ্যক্ষা তথা সদস্যৰ । প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ দিয়াৰ নামত এইবাৰ হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে বি টি আৰৰ বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ডাঙৰিগাওঁ ভি.চি.ডি.চিৰ অন্তৰ্গত নাওঁপুটা ধনবিল গাওঁত।

গাওঁখনৰ কেবাটাও দৰিদ্ৰ পৰিয়ালক চৰকাৰী ঘৰ দিয়াৰ নামত ইতিমধ্যে টকা সংগ্ৰহ কৰিছে উক্ত ভি.চি.ডি.চি.ৰ অধ্যক্ষা টুটুমনি কলিতাৰ শিক্ষক স্বামী দুলু কলিতা আৰু জি.আৰ.এচ. ৰঞ্জু দাসে । ভুক্তভোগী লোকসকলে জনোৱা অনুসৰি শিক্ষক দুলু কলিতা আৰু ৰঞ্জু দাসে ইতিমধ্যে গাওঁখনৰ বহু দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২-৩ হেজাৰ পৰ্যন্ত টকা সংগ্ৰহ কৰিছে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সকলো কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যক দুৰ্নীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'বলৈ আহ্বান জনোৱাৰ পাচতো ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বি টি আৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য হ'বলৈ সক্ষম হোৱা ঘনশ্যাম দাসৰ গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভি.চি.ডি.চি.ৰ সদস্য, অধ্যক্ষ-অধ্যক্ষাই কাৰ ছত্ৰছায়াত এনেদৰে দুৰ্নীতিত লিপ্ত হ'বলৈ মৰসাহ কৰিব পাৰিছে তাকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সচেতন মহল ।

উল্লেখযোগ্য যে, ইয়াৰ আগতেও গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভি চি ডিৰ সদস্যই চৰকাৰী ঘৰ দিয়াৰ নামত ৪-৫ হেজাৰকৈ টকা সংগ্ৰহ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো বিভাগীয় কতৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কিন্তু এইবাৰ যিহেতু এগৰাকী শিক্ষকৰ কথাও ইয়াত সাঙোৰ খাই পৰিছে সেইক্ষেত্ৰত এইবাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব পৰবৰ্তী সময়ত লক্ষ্যনীয় ।

বাক্সাত PMAY গৃহৰ নামত ব্যাপক কেলেংকাৰী...
গোলাঘাট ৰঙাজানৰ অবৈধ টোলগেট বন্ধ কৰাৰ দাবীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in