কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্লেটিনাম জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান...

কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্লেটিনাম জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান...
কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্লেটিনাম জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ''কোকৰাঝাৰত অসম বিধানসভাৰ শীতকালিন অধিবেশন অনুষ্ঠিত হ'ব । অৱশ্যে এতিয়ালৈকে দিন-বাৰ ঠিক হোৱা নাই যদিও অসম বিধানসভাৰ অধিবেশনৰ সতে মিলাই আমি অহা ডিচেম্বৰত কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্লেটিনাম জয়ন্তীৰ মূল অনুষ্ঠান আয়োজন কৰিম।আজি কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্লেটিনাম জয়ন্তীৰ শুভাৰাম্ভ অনুষ্ঠান হে সম্পন্ন হ'ল।'' এই মন্তব্য কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ ।

কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্লেটিনাম জয়ন্তী উপলক্ষে এদিনীয়া কাৰ্যসূচীৰে আজি বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাংগনত আয়োজিত হোৱা শুভাৰাম্ভ অনুষ্ঠানত উপস্থিত হৈ লৰেঞ্চ ইছলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে, ১৯৪৮ চনত কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল।

প্লেটিনাম জয়ন্তীৰ শুভাৰাম্ভণি অনুষ্ঠান উপলক্ষে আজি ৰাতিপুৱা পতাকা উত্তোলন , বৃক্ষ ৰোপন , উদযাপন সমিতি গঠন আৰু আলোচনাচক্ৰ কাৰ্যসূচী ৰূপায়ন হোৱাৰ লগতে কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত স্থাপিত হ'ব লগা স্মৃতিসৌধৰ প্ৰতীকি মুকলি কৰে । কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অৱদান উল্লেখ কৰি কয় যে, ১৯৬৩ চনত অসমত বড়ো ভাষা মাধ্যমৰ প্ৰচলন হৈছিল আৰু বড়ো ভাষা মাধ্যমৰ শিক্ষকসকলক কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই প্ৰশিক্ষণ দিয়া হৈছিল ।

বড়ো ভাষা মাধ্যমৰ শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে এইটোৱে একমাত্ৰ কেন্দ্ৰ আছিল। কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ এখন আটকধুনীয়া তোৰণ নিৰ্মাণ কৰাৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে পুঁজিৰ যোগান ধৰিব বুলি সদৰি কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ শলাগ লয় ।

আজিৰ অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মও অংশগ্ৰহণ কৰি কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অনবদ্য ভূমিকাৰ শলাগ লৈ প্লেটিনাম জয়ন্তী সফল হ'ব বুলি আশা প্ৰকাশ কৰে। বিশেষকৈ বড়ো মাধ্যমৰ শিক্ষক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ শলাগ লয় মন্ত্ৰীগৰাকীয়ে।

আনহাতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক কেন্দ্ৰ কৰি সমস্যা চলি থকাটো বিশ্ববিদ্যালয়খনৰ কাৰণে শুভ লক্ষণ নহয় বুলি মন্তব্য কৰিছে। তেওঁ কয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক তদাৰকী শাখাই উপাচাৰ্যগৰাকীক আইনী আওতালৈ নিছিল।

তেনে ক্ষেত্ৰত উপাচাৰ্য্য পদত বৰ্তমানেও অধিষ্ঠিত হৈ থকাটো নৈতিক অধিকাৰ নাই। উপাচাৰ্যগৰাকীৰ অৱসৰ ল'বলৈ বেছিদিন নাই। তেখেতৰ বিৰুদ্ধে যি কেলেংকাৰীৰ অভিযোগ আছে তাৰ ভিত্তিত তেওঁ নিজ ইচ্ছাৰে পদত্যাগ কৰা উচিত।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক বদলিকৰণ দাবীত এবছুৱে কৰি অহা আন্দোলন অমূলক নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্লেটিনাম জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান...
অমৃত বৃক্ষ আন্দোলনঃ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in