অমৃত বৃক্ষ আন্দোলনঃ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ...

অমৃত বৃক্ষ আন্দোলনঃ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ...

author-image
Asomiya Pratidin
New Update
অমৃত বৃক্ষ আন্দোলনঃ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ...

অমৃত বৃক্ষ আন্দোলনঃ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ উদ্যোগত ৰাজ্যত আৰম্ভ হোৱা অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১ কোটি বৃক্ষ ৰোপণৰ প্ৰচেষ্টাক প্ৰশংসনীয় আখ্যা প্ৰধানমন্ত্ৰীগৰাকীৰ।

Advertisment

১৫ ছেপ্টেম্বৰ ২০২৩ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক পত্ৰৰ জৰিয়তে কয়, আমাৰ সংস্কৃতি আৰু সাহিত্যত গছ আৰু অৰণ্যৰ গুৰুত্বসম্পৰ্কে বহু কথাৰ উল্লেখ আছে। মনোৰম ৰাজ্য অসম চহকী জৈৱ বৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ লগতে বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰে সমৃদ্ধ তথা আশীৰ্বাদপুষ্ট। ৰাজ্যখনত ব্যক্তিগত আৰু ৰাজহুৱা ভূমিত গছপুলি ৰোপণে সেউজীয়া আৱৰণক বৃদ্ধি কৰিব।

তেওঁ কয়, প্ৰকৃতি আৰু প্ৰগতি নতুন ভাৰতৰ বিকাশৰ আৰ্হিৰ এক বিশেষত্ব হৈ পৰিছে। আমি দ্ৰুতগতিত বিকশিত অৰ্থনীতি হিচাপে আগবাঢ়িছো যদিও সম্ভৱতঃ প্ৰতিশ্ৰুতিবদ্ধ জলবায়ু লক্ষ্য পূৰণ কৰা একমাত্ৰ মুখ্য ৰাষ্ট্ৰ।

অমৃত বৃক্ষ আন্দোলনৰ দৰে পদক্ষেপে আমাৰ ৰাষ্ট্ৰীয় অভিযানক অধিক পৰিষ্কাৰ আৰু সেউজীয়া কৰিব। ইয়াৰোপৰি পত্ৰখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ দৰে কাৰ্যসূচীয়ে পৰিৱেশ সুৰক্ষা আৰু মানুহৰ স্বাস্থ্য উন্নত কৰাৰ দৰে কেইবাটাও দীৰ্ঘম্যাদী লাভালাভ দিব।

তেওঁ কয়, মই নিশ্চিত যে অমৃত কালৰ সময়ত অমৃত বৃক্ষ আন্দোলনৰ আঁৰত থকা সংকল্পই অসমৰ জনসাধাৰণক বিভিন্ন ধৰণে উপকৃত কৰিব।

https://x.com/CMOfficeAssam/status/1703052996857458826?s=20

Also Read: অশান্ত জম্মু-কাশ্মীৰ ! অনন্তনাগৰ সংঘৰ্ষৰ মাজতে বাৰমুলাত সেনা-সন্ত্ৰাসবাদীৰ যুঁজ...

অমৃত বৃক্ষ আন্দোলন