চিৰাঙত নাবাৰ্ডৰ সাহাৰ্যত শ্লুইচ গেট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগেৰে নিশা ৰাইজৰ প্ৰতিবাদ

প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি
চিৰাঙত নাবাৰ্ডৰ সাহাৰ্যত শ্লুইচ গেট নিৰ্মাণত  দুৰ্নীতিৰ অভিযোগেৰে নিশা ৰাইজৰ প্ৰতিবাদ
চিৰাঙত নাবাৰ্ডৰ সাহাৰ্যত শ্লুইচ গেট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগেৰে নিশা ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ চিৰাংঃ বৃহস্পতিবাৰ নিশা চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত ছুবাইঝাৰ গাঁৱত জলসিঞ্চন বিভাগৰ এখন শ্লুইচ গেট নিৰ্মাণ কাৰ্যক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে নিশাৰ এন্ধাৰতে ছুবাইঝাৰ গাঁৱৰ অৰ্ধশতাধিক ৰাইজ ঘৰৰ পৰা ওলাই আহি দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ মইমতালি আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অভিযোগ অনুযায়ী ছুবাইঝাৰ গাঁৱত কেইবা সহস্ৰাধিক বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা সূচল কৰাৰ লক্ষ্যৰে চলিত বৰ্ষতে নাবাৰ্ডৰ অৰ্থ সাহাৰ্যত শিলঘাগৰী শ্লুইচ গেট নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। কিন্তু শ্লুইচ গেটৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ৰঙিয়াৰ জনৈক কলিতা উপাধিৰ ঠিকাদাৰ জনে নিৰ্মাণ কাৰ্যত ব্যাপক খেলিমেলি আৰু আসোঁৱাহ পূৰ্ণ কাম কৰি আছিল।

শ্লুইচ গেটৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিৰ পৰাই ঠিকাদাৰৰ আসোঁৱাহ পূৰ্ণ কামৰ বিৰোধিতা কৰি কৃষক ৰাইজৰ স্বাৰ্থত ভালদৰে কাম কৰাৰ কাৰণে স্থানীয় কৃষক আৰু শিলঘাগৰী বান্ধ সমিতিয়ে আহ্বান জনাই আহিছিল। কিন্তু ঠিকাদাৰসকলে ৰাইজৰ মতামতক নূন্যতম গুৰুত্ব আৰোপ নকৰি নিজৰ খেয়ালখুচি মতে কাম কৰি আছিল।

উপায়ন্তৰ অঞ্চলটোৰ কৃষকসকলে একত্ৰিত হৈ ঠিকাদাৰৰ আসোঁৱাহ পূৰ্ণ কাম বন্ধ কৰাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ কৰে। ইফালে কৃষকৰ এনে প্ৰতিবাদৰ মাজতে ঠিকাদাৰ কৰ্তৃপক্ষই কৃষকসকলৰ ওপৰত ধনদাবী কৰাৰ অভিযোগেৰে বেংতল আৰক্ষী চকীৰ কাষ চাপে।

ইয়াক পাছতে প্ৰতিবাদী কৃষকসকলক আৰক্ষী চকীলৈ মাতি পঠিয়াই মানসিকভাবে হাৰাশাস্তি চলাই বেংতল আৰক্ষীয়ে। এই ঘটনাত বৃহস্পতিবাৰে বিয়লিৰ পৰা ছুবাইঝাৰ অঞ্চলৰ কৃষক তথা ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে পৰিপ্ৰেক্ষিততে বৃহস্পতিবাৰে নিশাৰ ভাগত কৃষকসকল নিৰ্মিয়মান শ্লুইচ গেটত উপস্থিত হৈ ঠিকাদাৰৰ আসোঁৱাহ পূৰ্ণ শ্লুইচ গেট নিৰ্মাণৰ কাম বন্ধ কৰক, ঠিকাদাৰৰ গুণ্ডাগিৰি নচলিব, আমাৰ শ্লুইচ গেট নিৰ্মাণৰ নামত দুৰ্নীতি নচলিব, কৃষকৰ স্বাৰ্থত নিৰ্মাণ কৰা কামত দুৰ্নীতি সহ্য কৰা নহ'ব, কৃষকক হাৰাশাস্তি কৰা ঠিকাদাৰ গ'বেক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

স্থানীয় কৃষকৰ অভিযোগ- দুই সহস্ৰাধিক বিঘা কৃষিভূমিত জলসিঞ্চন ব্যৱস্থা সূচল কৰাৰ লক্ষ্যৰে এই শ্লুইচ গেট নিৰ্মাণ কৰি থকা হৈছে। কিন্তু পূৰ্বৰে পৰা উক্ত ঠাইত খেতি পথাৰত পানী যোগান ধৰিবলৈ যি জলসিঞ্চনৰ নলা আছে তাৰ বহল হৈছে প্ৰায় ১৫ ফুট। কিন্তু বৰ্তমান ঠিকাদাৰ জনে মাত্ৰ ৪ ফুট বহল নলা বনাই আছে। তদুপৰি শ্লুইচ গেটৰ পানী মজুত ৰাখিবলে এক ৱাটাৰ বেংক বনাব লাগে যদিও ঠিকাদাৰে সেয়া বনোৱা নাই।

অভিযোগ অনুসৰি ৰঙিয়াৰ জনৈক কলিতা উপাধিৰ ঠিকাদাৰ জনে আৰম্ভণিৰে পৰা স্থানীয় কৃষক তথা বান্ধ সমিতিক একাষৰীয়া কৰি নিজৰ ইচ্ছামতে গুণ্ডাগিৰিৰে চৰম বিসংগতিপূৰ্ণ ভাবে শ্লুইচ গেটৰ নিৰ্মাণ কাৰ্য চলাই আছে। ৰাইজে এই কামৰ তীব্ৰ প্ৰতিবাদ কৰাত ঠিকাদাৰ জনে ৰাইজৰ ফালৰ পৰা ৫ লাখ ৫০ হেজাৰ টকা দাবী কৰা আৰু দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই চৰকাৰী কামত বাধা আৰোপ কৰা বুলি ভুৱা অভিযোগ তুলি আৰক্ষী হতুৱাই ৰাইজক ভয়-ভাবুকি প্ৰদান কৰাত লাগিছে।

অসাধু ঠিকাদৰজনে কোনো অদৃশ্য শক্তিৰে বলিয়ান হৈ আৰক্ষীকো মেনেজ কৰি দমনমূলক নীতিৰে নিজৰ ইচ্ছামতে কাম কৰি যোৱাৰ বিৰুদ্ধে বৃহস্পতিবাৰে নিশাৰ এন্ধাৰতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে বুলি প্ৰতিবাদকাৰী কৃষকসকলে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

ৰাইজৰ দাবী কৃষকৰ স্বাৰ্থত এই শ্লুইচ গেটখন নিৰ্মাণ কৰি থকা হৈছে সেয়ে কামখিনি আসোঁৱাহমুক্ত হ'ব লাগে আৰু ঠিকাদাৰ বাপেক বিভাগীয় ভাবে যেতিয়ালৈকে ৰাইজৰ স্বাৰ্থত ভালদৰে কাম নকৰিব তেতিয়ালৈকে ছুবাইঝাৰ অঞ্চলৰ কৃষক আৰু ৰাইজে ইয়াৰ প্ৰতিবাদ কৰি থাকিব। আনপিনে ঠিকাদাৰৰ প্ৰতিনিধি এজনে ওলোটাই শ্লুইচ গেট নিৰ্মাণক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কয় যে, শ্লুইচ গেট নিৰ্মাণত সম্পূৰ্ণ বিভাগীয় নীতি নিৰ্দেশনা মতেই কাম হৈ আছে বুলি দাবী কৰে।

কিন্তু ৰাইজৰ ফালৰ পৰা কোনোবাই ৫ লাখ ৫০ হাজাৰ টকা ধনদাবী কৰিছে আৰু দাবী কৰা ধন আদায় নিদিয়াৰ বাবে চৰকাৰী কামত বাধা আৰোপ কৰাৰ বাবেই আৰক্ষীক অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে। ঠিকাদাৰৰ মানুহজনে ৰাইজৰ সন্মুখতে ধনদাবী কৰা প্ৰসংগটো উল্লেখ কৰাত কিছু সময়ৰ বাবে পুনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে।

ইপিনে ৰাইজৰ ফালৰ পৰা অতি স্পষ্টকৈ ঠিকাদাৰে ধনদাবী কৰাৰ যি অভিযোগ উত্থাপন কৰিছে তাক খণ্ডন কৰিছে। কৃষকসকলে অতি স্পষ্টতাৰে কয় যে কৃষকসকল লাভাম্বিত হ'ব পৰা তথা আসোঁৱাহমুক্ত শ্লুইচ গেটৰ কাম কৰাৰ বাবেহে তেওঁলোকে দাবী উত্থাপন কৰিছে।

চিৰাঙত নাবাৰ্ডৰ সাহাৰ্যত শ্লুইচ গেট নিৰ্মাণত  দুৰ্নীতিৰ অভিযোগেৰে নিশা ৰাইজৰ প্ৰতিবাদ
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in