ৰাহুল গান্ধীৰ পৰা কানহায়া কুমাৰলৈঃ কেইবাজনো নেতাক চিআইডিৰ চমন

ৰাহুল গান্ধীৰ পৰা কানহায়া কুমাৰলৈঃ কেইবাজনো নেতাক চিআইডিৰ চমন

ডিজিটেল ডেস্কঃ কংগ্রেছ নেতা ৰাহুল গান্ধীলৈ চমন চিআইডিৰ। ২৩ ফেব্রুৱাৰীত উলুবাৰীৰ CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী।

ৰাহুল গান্ধীৰ লগতে চিআইডিয়ে চমন জাৰি কৰিলে জয়ৰাম ৰমেশ, চি বেণুগোপাল, জিতেন্দ্র সিং, শ্রীনিবাস, কানহায়া কুমাৰক।

ইয়াৰ লগতে ভূপেন বৰা, গৌৰৱ গগৈ, দেৱব্রত শইকীয়ালৈ,জাকিৰ হুছেইন শিকদাৰ আৰু ৰমেন শৰ্মালৈ চমন জাৰি কৰিছে চিআইডিয়ে। ২৩ ফেব্রুৱাৰীৰ পুৱা ১১.৩০ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ সকলোলৈকে।

ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰা গোচৰত চমন জাৰি কৰিছে চিআইডিয়ে। উল্লেখ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰতিবাদকাৰীয়ে খানাপাৰাত বেৰিকেড ভাঙি পেলাইছিল। আহত হৈছিল প্ৰতিবাদাকাৰীৰ লগতে আৰক্ষীও। এই সন্দৰ্ভতে চিআইডিয়ে চমন জাৰি কৰিছে।

ৰাহুল গান্ধীৰ পৰা কানহায়া কুমাৰলৈঃ কেইবাজনো নেতাক চিআইডিৰ চমন
উত্তৰবিহীন প্ৰশ্ন ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in