এফালে চৰকাৰৰ গছপুলি ৰোপণ,আনফালে ওদালগুৰিত বহিৰাগত কোম্পানীয়ে চলাইছে ধ্বংসযজ্ঞ

এফালে চৰকাৰৰ গছপুলি ৰোপণ,আনফালে ওদালগুৰিত বহিৰাগত কোম্পানীয়ে চলাইছে ধ্বংসযজ্ঞ

author-image
Asomiya Pratidin
New Update
এফালে চৰকাৰৰ গছপুলি ৰোপণ,আনফালে ওদালগুৰিত বহিৰাগত কোম্পানীয়ে চলাইছে ধ্বংসযজ্ঞ

ডিজিটেল সংবাদ,ওৰাং : এইবাৰ বন মাফিয়া নহয়;বহিৰাগত কোম্পানীয়ে অসমত চলাইছে দপদপনি। ওদালগুৰি জিলাৰ ওৰাঙৰ পথৰ কাষৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি তহিলং কৰিলে বহিৰাগত কোম্পানীয়ে।

Advertisment

বিদ্যুতৰ তাঁৰ সংযোগৰ নামত চিচু,গমাৰি,শলখ আদি মূল্যৱান গছ কাটি তহিলং কৰিলে বগিৰাগত কোম্পানীয়ে। জানিব পৰামতে গছ কটাৰ বাবে লোৱা নাই কোনো বিভাগীয় অনুমতি। অনুমতি অবিহনেই আচৰিত ধৰণে গছসমূহ বন বিভাগত গতাই দিয়াৰ পৰিৱৰ্তে কাটি তক্তা, কুণ্ডা বনাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ। এফালে চৰকাৰে ৰাজকোষৰ কোটি-কোটি টকা খৰচ কৰি গছপুলি ৰোপন কৰিছে। আনফালে বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ বহিৰাগত কোম্পানীয়ে প্ৰকাণ্ড -প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে।

এনে দৃশ্য এতিয়া ওদালগুৰি জিলাৰ ওৰাঙৰ পাউৰিপোটা গাঁৱত সুলভ হৈ পৰিছে। ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথৰ দুয়োকাষে থকা মূল্যৱান গছ কাটি তহিলং কৰি আছে মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠানে।

ASIAN INFRASTRUCTURE INVESTMENT BANK নামৰ আঁচনিৰ অধীনত বিদুৎ সংযোগৰ বাবে বহিৰাগত কোম্পানীটোৱে SP 76 AIIB আঁচনিৰ 33 KVৰ বিদ্যুৎ সংযোগৰ নামত এফালৰ পৰা এই মূল্যবান গছ সমূহ কাটি তহিলং কৰিছে। ইফালে গছ কাটিবলৈ গৈ পাউৰিপোটাৰ এগৰাকী অসহায় বৃদ্ধাৰ দোকান এখনো ভাঙি পেলোৱা অভিযোগ উঠিছে কোম্পানীৰ বিৰুদ্ধে।

দোকানখনেৰে কোনোমতে পৰিয়াল পোহপাল দিয়া বৃদ্ধাগৰাকী অসহায় হৈ পৰিছে। দোকানখনৰ ক্ষতিপূৰণৰ দাবী জনাই বৃদ্ধাগৰাকীয়ে। জানিব পৰামতে বিভাগীয়ভাৱে গছসমূহ কটাৰ নাই কোনো বিভাগীয় অনুমতি। বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি বহিৰাগত কোম্পানীৰ ঠিকাদাৰে এইদৰেই এফালৰ পৰা চলাই গৈছে ধ্বংসযজ্ঞ।

কাণসাৰ নাই স্থানীয় বন বিভাগৰ। আচৰিত ধৰণে অবৈধভাৱে গছসমূহ কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। এই সন্দৰ্ভত কৰ্মচাৰীক সোধা এক প্ৰশ্নোত্তৰত কৰ্মচাৰীজনে ওলোটাই ৰাইজকহে দোষাৰোপ কৰা পৰিলক্ষিত হয়।

বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি বহিৰাগত কোম্পানীৰ ঠিকাদাৰে এইদৰেই এফালৰ পৰা চলাই গৈছে ধ্বংসযজ্ঞ। বন বিভাগে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যনীয় হ'ব ! সমান্তৰালকৈ SP 76 AIIB এই আঁচনিৰ বিদুৎ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰা SP 76 লোহাৰ খুঁটা পোতাৰ নামত অনিয়ম হোৱাৰ লগতে প্ৰাককলন মতে কাম নকৰাৰ অভিযোগ উঠিছে।

Also Read: মঙলদৈত তৃতীয় বাৰ্ষিক দৰং জিলা কাৰাটে প্ৰতিযোগিতা

udalguri tree