/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/cdf3544c-8edc-40b5-9b6f-130ee06db287/214.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : জে কে আই এ, অসম,মঙলদৈ শাখাৰ উদ্যোগত তথা দৰং জিলা কাৰাটে 'ড এচ'চিয়েচন আৰু মঙলদৈ ক্ৰীড়া সন্থাৰ সহযোগত মঙলদৈত এখনি কাৰাটে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ১অক্টোবৰ ৰাতিপুৱা ৮ -০০ বজাৰ পৰা মঙলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4434d892-7612-47db-b027-94dfc42cd5ef/dc23afe8_0365_40ed_9a82_71f2ce598bd8.jpg)
বিভিন্ন শাখাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিত দৰং জিলা কাৰাটে ড' এচ'চিয়েচনৰ অন্তৰ্গত সকলো ক্লাৱৰ প্ৰায় ৩ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি প্ৰশিক্ষক তথা মুখ্য ব্যৱস্থাপক তপন কুমাৰ ডেকা দেৱে জানিবলৈ দিয়ে । খেলখন সফল কৰিবলৈ অভ্যৰ্থনা সমিতিৰ সভাপতি দেৱব্ৰত দত্ত আৰু সম্পাদক প্ৰশান্ত ডেকাই সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/36738e3b-b68a-42be-a9fa-ba968bdcfdf5/97916356_1d77_4108_82fd_ce968d5de335.jpg)
Also Read: নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ১জন