অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত ওৰাং জেনিথ ক্লাৱৰ জয়লাভ

ওৰাঙে মাত্ৰ ১৪.২ অভাৰতে চাৰিটা উইকেট হেৰুৱাই ৮৭ ৰাণ সংগ্ৰহ কৰি জয়ী সাব্যস্ত কৰে

author-image
Asomiya Pratidin
New Update
অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত ওৰাং জেনিথ ক্লাৱৰ জয়লাভ

ডিজিটেল সংবাদ,ওদালগুৰি : ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত চলি থকা ষষ্ঠ বাৰ্ষিক অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। খেলখনত ওৰাং জেনিথ ক্লাৱে বেচিমাৰী ডায়মণ্ডৰ বিৰুদ্ধে ৬ উইকেটত সহজে জয়ী হৈ প্ৰতিযোগিতাখনিৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

Advertisment

টছত জয়ী হৈ বেট ধৰাৰ সিদ্ধান্তৰে বেচিমাৰীয়ে ২৪.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৮৪ ৰাণতে ইনিংছ সামৰে। ওৰাঙৰ অনন্ত বীৰ আৰু প্ৰাঞ্জল ভদ্ৰ‌ই তিনিটাকৈ উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি ওৰাঙে মাত্ৰ ১৪.২ অভাৰতে চাৰিটা উইকেট হেৰুৱাই ৮৭ ৰাণ সংগ্ৰহ কৰি জয়ী সাব্যস্ত কৰে।

দলটোৰ হৈ বাবলু গোৱালাই ৩৭ ৰাণ সংগ্ৰহ কৰে। চূড়ান্ত খেলখনৰ অন্তত চেম্পিয়ন দললৈ এক লাখ টকাৰ চেক তথা ট্ৰফী প্ৰদান কৰে ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰিহন দৈমাৰীয়ে। বিজিত দললৈ নগদ ৫হাজাৰ টকাসহ ট্ৰফী প্ৰদান কৰা হয়। আজিৰ খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ওৰাঙৰ প্ৰাঞ্জল ভদ্ৰ‌ই।

প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ওৰাঙৰ অনন্ত বীৰে। আজিৰ এই সামৰণি অনুষ্ঠানত জিলা ক্ৰিকেট সন্থাৰ সম্পাদক অৰবিন্দ দাসকে প্ৰমূখ্য কৰি জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

Also Read: বাক্সা জিলা এবছুৰ ১৯ সংখ্যক প্ৰতিনিধি সভা

udalguri cricket ASSAM CRICKET