![বাক্সা জিলা এবছুৰ ১৯ সংখ্যক প্ৰতিনিধি সভা](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/64cf92ef-bb03-4879-b308-d8eb8697214b/83.jpg)
ডিজিটেল সংবাদ,বাক্সা : বাক্সা জিলাৰ বৰমাত অহা ২১ আৰু ২২ জানুৱাৰীত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৯ সংখ্যক প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। বৰমা আঞ্চলিক এবছু কাৰ্য্যালয়ৰ সন্মুখত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা অভ্যৰ্থনা সমিতিত সভাপতি হিচাপে আছে সাহিত্য অকাডেমি বঁটাপ্ৰাপক তথা বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰী আৰু আহ্বায়ক হিচাপে আছে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উমেশ চন্দ্ৰ বড়ো।
কাৰ্য্যসূচী অনুসৰি অহা ২১ জানুৱাৰীৰ পুৱা ৭-০০ বজাত মুখ্যদ্বাৰ উন্মোচন কৰিব বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷ ইয়াৰ পিছতেই পুৱা ৭-৩০ বজাৰ পৰা ক্ৰমান্বয়ে দাওহাৰু অংগদ চন্দ্ৰ চৌধুৰী সোৱৰণী মঞ্চ, লোক সাহিত্যৰ ওজা সুকুমাৰ বসুমতাৰী সোৱৰণী ৰভাঘৰ, ৰমাকান্ত বসুমতাৰী সোৱৰণী প্ৰতিনিধি সভাঘৰৰ দ্বাৰ, উপেন শংকৰ কছাৰী সোৱৰণী জিৰণি চ'ৰা, গণেশ বসুমতাৰী সোঁৱৰণী ভোজনালয়, চন্দন বড়ো সোঁৱৰণী প্ৰতিনিধি সভা (পুৰুষ), ৰাণী বড়ো আৰু ৰেখা বড়ো সোঁৱৰণী প্ৰতিনিধি ( মহিলা ) সভা মুকলি কৰা হ'ব।
![](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/27dd69fd-bff2-4ba8-829e-84c8de266737/baa7da67_8eb9_4814_bd7d_ba0335df7980.jpg)
পুৱা ৯-০০ বজাত প্ৰতিনিধি আৰু সদস্যৰ নাম ভৰ্তিকৰণ, ৯-১০ বজাত সাহিত্য প্ৰতিযোগিতা, পুৱা ৯-৩০ বজাত ভলীবল আৰু কাবাদী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ কাৰ্যসূচী অনুসৰি পুৱা ১০-৩০ বজাত “ Skill and quality Education: Towards a sustainable Future'' ৰ ওপৰত আলোচনা চক্ৰ ৷
উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জৌংচাৰ ব্ৰহ্ম, অসম আৰক্ষীৰ ডিএচপি বাৰদি বড়ো আৰু Specialist- Gender, W&CD, BTR Development Fellowship program BTR Secretariat ৰ পদমিনি বড়োই ৷ সন্ধিয়া ৫-৩০ বজাৰ পৰা সাংস্কৃতিক প্ৰতিযোগিতা ৷ সন্ধিয়া ৬-০০ বজাত প্ৰতিনিধি সভা মুকলি কৰিব এবছুৰ উপ সভাপতি খৌৰোমদাও ওৱাৰীয়ে ৷
আনহাতে ২২জানুৱাৰীৰ পুৱা ৪-০০ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতা উন্মোচন কৰিব বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপু বৰাই ৷ পুৱা ৮-০০ বজাত এবছুৰ পতাকা উত্তোলন কৰিব বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ।
ইয়াৰ পিছতেই স্মৃতি তৰ্পন কৰিব বাক্সা জিলা এবছুৰ উপ সভাপতি ভাৰত বড়োই ৷ পুৱা ৯-০০ বজাত সাংস্কৃতিক সোভাযাত্ৰা উদ্ধোধন কৰিব বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জল প্ৰতিম বৰুৱাই। পুৱা ১০-০০ বজাত স্মৃতিগ্ৰন্থ " উথুমাই" উন্মোচন কৰিব বিটিচিৰ দৰংগাজুলি সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ৷
দুপৰীয়া ১২-০০ বজাত বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা ৷ মুকলি সভাখন উদ্বোধন কৰিব বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ এই সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় এবছুৰ সভাপতি দ্বীপেন বড়োই ।
অতিথি হিচাপে অংশগ্ৰহণ কৰিব মন্ত্ৰী ইউজি ব্ৰহ্ম, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ৷ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিলকান্ত গয়াৰী। সন্ধিয়া ৬-০০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট কণ্ঠশিল্পী সুলেখা বসুমতাৰীয়ে ৷
Also Read: কাছাৰত কোটি টকাৰ য়াবা টেবলেটসহ ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ