কলিয়াবৰত 'মঞ্চ’ৰ উদ্যোগত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

কুঠৰীস্থিত ভূপেন হাজৰিকাৰ ঘৰখনৰ অৱস্থা সন্দৰ্ভত স্মৃতি ৰোমন্থন কৰি 'মঞ্চ’ৰ উদ্যোক্তাৰ দুখ প্ৰকাশ
কলিয়াবৰত 'মঞ্চ’ৰ উদ্যোগত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

ডিজিটেল সংবাদ,কলিয়াবৰ : খোদ সুধাকণ্ঠ ভূপেন হাজৰিকাই পিতৃ-মাতৃৰ নামত উৎসৰ্গিত বঁটাৰে কলিয়াবৰৰ “মঞ্চ“ৰ উদ্যোগত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত শনিবাৰে অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা l কলিয়াবৰৰ অন্যতম সাহিত্য সাংস্কৃতিক ক্ৰীড়া অনুষ্ঠান 'মঞ্চ'ৰ উদ্যোগত ১৯৯২ চনৰে পৰাই সদৌ অসম ভিত্তিত আয়োজন কৰি অহা হৈছে ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা।

এই বেলি অহা ৯ ডিচেম্বৰত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত দিনজোৰাকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনি। এনেদৰেই সেই সময়ত ধাৰাবাহিকভাৱে চলি অহা প্ৰতিযোগিতাখনিৰ প্ৰতি আকৃষ্ট হৈয়ে ২০০১ চনত সুধাকণ্ঠ ড০ হাজৰিকাই পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ সোঁৱৰণত আগবঢ়াইছিল ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগীৰ চলন্ত বঁটাটি।

ইয়াৰ লগে লগে চলন্ত বঁটাটিয়ে ধন্য কৰিছিল মঞ্চ নামৰ চালুকীয়া অনুষ্ঠানটোক। ২০০১ চনত মঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ভূপেন হাজৰিকা সোঁশৰীৰে উপস্থিত হৈ উদ্যোক্তাসকলৰ হাতত বঁটাটি প্ৰদান কৰিছিল। সেই অনুষ্ঠানটোত ভূপেন হাজৰিকাৰ লগত সংগ দিছিল বিশিষ্ট গীটাৰবাদক কমল কটকী, প্ৰসিদ্ধ শিল্পী প্ৰয়াত প্ৰনৱীৰাম বৰুৱা,তবলাবাদক সূৰ্য গোস্বামী,নগাঁৱৰ বিশিষ্ট শিল্পী প্ৰয়াত জ্ঞানদা বৰা, যজ্ঞ বেজবৰুৱা আদি।

সেই প্ৰতিযোগিতাত ৰাইজক সম্বোধন কৰি ভূপেন হাজৰিকাই কৈছিল- মোৰ গীতবোৰ এদিন ভূপেন্দ্ৰ সংগীত হ'বগৈ বুলি মই সৰুতে গান গোৱা নাছিলো। ইয়াৰ লগে লগে পাৰ্বতি প্ৰসাদ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ প্ৰনৱীৰাম বৰুৱাইও পিতৃৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰাৰ পাছৰে পৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল।

মঞ্চক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰথমে পৰামৰ্শ দিছিল নগাঁৱৰ বিশিষ্ট শিল্পী প্ৰয়াত জ্ঞানদা বৰাই। তেওঁৰ পিতৃ ৰেব বৰাৰ সোঁৱৰণতো আগবঢ়োৱা হৈছিল এটি বঁটা। কলিয়াবৰৰ লগত ভূপেন হাজৰিকাৰ এটা সম্পৰ্ক আছিল। বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাই কলিয়াবৰৰ কুঠৰীত নির্মাণ কৰা ঘৰটোৱে আজিও সুধাকণ্ঠক ৰিঙিয়াই মাতে।

শিল্পপ্রাণ চন্দ্ৰ ফুকনৰ সৈতে সম্পর্ক গঢ়ি তুলি কুঠৰীতে এটুকুৰা মাটি কিনাৰ সপোন দেখিছিল ভূপেন হাজৰিকাই । ভূপেন হাজৰিকাৰ কাৰণে মাটি এডোখৰ কিনাত আগভাগ লৈছিল চন্দ্র ফুকনে। বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ সেউজ পৰিৱেশে আবৃত কুঠৰীৰ নৈসর্গিক শোভাৰ মাজত সুধাকণ্ঠই সাঁজিছিল এটি সৰু পঁজা।

১৯৬৮ চনতে কলিয়াবৰৰ কাঠ মিস্ত্রী ভেজাল (প্রকৃত নাম ভূবন চন্দ্ৰ বৰা) সিঙেই নিৰ্মাণ কৰিছিল সেই ঘৰটো। উল্লেখ্য যে, কিছু বছৰৰ আগতে এটি প্রতিষ্ঠানে কুঠৰীস্থ শিল্পীগৰাকীৰ উক্ত সম্পত্তি ক্ৰয় কৰিছিল যদিও ৰাইজৰ দাবীত সেই স্থানতে এটি সংগ্রাহলয় স্থাপনৰ পোষকতা কৰিছিল প্রতিষ্ঠানটোৱে। পাছত স্থানীয় বিধায়ক কেশৱ মহন্তই ভূপেন হাজৰিকাৰ ঘৰটোৰ সন্মুখতে সুধাকণ্ঠৰ এটি আবক্ষ মূর্তি স্থাপন কৰে।

মঞ্চৰ উদ্যোক্তাই স্মৃতি ৰোমন্থন কৰি উল্লেখ কৰে যে,গুৱাহাটীৰ পৰা উজনিলৈ আহিলে তেওঁ কুঠৰীৰ চন্দ্ৰ ফুকনৰ ঘৰত প্ৰায়ে আলহী হৈছিল। কুঠৰীক ভালপোৱাৰ কথা প্রকাশ কৰোতেই চন্দ্ৰ ফুকনে মাটি কিনি ঘৰ সজাৰ কথা কোৱাত ড° হাজৰিকাই কুঠৰীতে মাটি কিনি ঘৰ সাজিছিল। যিটো আজি ইতিহাস হ'ল।

তেওঁ এক্ষন্তেক জিৰণি ল'বলৈকে কুঠৰীত ঘৰ সাজিছিল। তেওঁ জিৰাবলৈ কুঠৰীলৈ আহিলে প্ৰায়ে ডিফলুত বৰশী বাইছিল। চন্দ্ৰ ফুকনৰ ঘৰৰ পাছফালৰ বৰপুখুৰীত সেই সময়ত ভূপেনদাই বৰশী বোৱাৰ লগতে চৰাই-চিৰিকটিৰ সৈতেও তেওঁ উমলিছিল।

এটা সময়ত কুঠৰীলৈ ভূপেন দাৰ সৈতে জয়ন্ত হাজৰিকা, অমৰ হাজৰিকা, কবিতা হাজৰিকা, সমৰ হাজৰিকা, মনিষা হাজৰিকা, কল্পনা লাজমী, ঊষা মংগেশকাৰ, নীলিমা খাতুন, বিদিপ দত্ত, নিৰোদ চৌধুৰী,তবলাবাদক ভাস্কৰ দাস আদি বহু লোক কুঠৰীৰৰ চন্দ্ৰ ফুকনৰ ঘৰলৈ আহিছিল। ১৯৯২ চনৰ এপ্রিল মাহত ভূপেনদা শেষবাৰৰ বাবে কুঠৰীৰ ঘৰখনলৈ আহিছিল বুলি জনা যায়।

কুঠৰী অঞ্চলটোৰ প্রতি ভূপেনদাৰ অধিক হেঁপাহ আছিল। সেয়ে হয়তো ১৯৮১ চন মানত ভূপেনদাই সুদূৰ আমেৰিকাৰ পৰা চন্দ্ৰ ফুকনৰ ভাতৃ শশী ফুকনলৈ চিঠি লিখি কুঠৰীৰ খবৰ বাতৰি লৈছিল। ভূপেন হাজৰিকাই কলিয়াবৰৰ বিশেষকৈ কাজিৰঙা, বাগৰি,কঁহৰা কুঠৰী ঠাই ডোখৰ বৰ ভাল পাইছিল। সেই বাবেই তেওঁ গীতৰ এঠাইত এনেদৰে গাইছে- "কাজিৰঙা মোৰ সেউজ সপোন, আপোন কহৰা বাগৰি। সীমাৰ লুইত আৰু ডিফলু আপোন, আপোন মৰমী কুঠৰী।"

কিন্তু ইমানৰ পাছতো প্রত্যাশিতভাৱেই কলিয়াবৰৰ কুঠৰীৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাসগৃহত বিগত দুটা বছৰত সুধাকণ্ঠৰ ওপজাদিন উদযাপিত নহ'ল বুলি দুখ প্ৰকাশ কৰে। আইনী প্রক্রিয়াৰ বাধাৰ বাবেই সম্পূর্ণ নহ'ল কলিয়াবৰীয়া ৰাইজৰ সপোন। অসমীয়াৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত কুঠৰীৰ বাসগৃহটিত এক গাম্ভীর্যপূর্ণ পৰিৱেশত বিগত বর্ষসমূহত উদযাপিত হৈ আহিছিল সুধাকণ্ঠৰ জন্মদিন।

এইক্ষেত্ৰত বিশেষভাৱে আগভাগ লৈছিল কুঠৰীবাসীৰ লগতে সাংস্কৃতিক কর্মী ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য্য আদিয়ে। কিন্তু ৰাজ্য চৰকাৰে মাজুলীৰ কেবিনেটত সুধাকণ্ঠৰ গৃহটো সংৰক্ষণ আৰু সাংস্কৃতিক প্রকল্প নির্মাণৰ সিদ্ধান্ত লোৱাৰ পাছতে যেন কালিকা লাগিল বাসগৃহটোত। সংৰক্ষণ আৰু সাংস্কৃতিক প্রকল্প নির্মাণ হোৱাটো দূৰৰে কথা, এক আইনী মেৰপেছৰ বাবে আজি দুবছৰ মানৰ পৰা সুধাকণ্ঠ গৰাকীৰ বাসগৃহটোৰ চৌহদত ৰাইজৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ল।

ফলশ্রুতিত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্মদিন আৰু মৃত্যু দিৱস ৰাজহুৱাভাৱে উদযাপন কৰাৰো দিন উকলিল। উলহ-মালহেৰে উদযাপিত দিন দুটিতো নিজম পৰি ৰয় সুধাকণ্ঠৰ বাসগৃহ প্রাংগন। অতি সোনকালে এই আইনী মেৰপেছৰ পৰা মুক্ত হৈ কলিয়াবৰীয়া ৰাইজৰ সপোন পূৰণ হ'ব বুলি কিছুদিন পূর্বে মন্তব্য কৰিছিল মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই।

উল্লেখ্য যে ভূপেন হাজৰিকাৰ ঘৰখনৰ চোতালৰ বগীজামু জোপাৰ তলতে জোনাকী নিশা নিৰলে বহি সুধাকণ্ঠই সৃষ্টি কৰিছিল বহুকেইটা কালজয়ী গীত। আজি জামুজোপাৰ তলখনৰ লগতে ঘৰটোৰো অৱস্থা তথৈবচ। 'মন প্রজাপতি' কথাছবিৰ একালৰ শ্বুটিংস্থলী এই বাসগৃহটোৰ মজিয়াত বর্তমান বেংছতা, কাঠফুলাৰ পয়োভৰ। সামান্য এজাক বৰষুণতে চালেৰে ভিতৰত সৰি পৰে বৰষুণৰ টোপাল।

সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বর্তমানে ভগ্নাৱশেষৰ ৰূপতহে আছে। দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মৰম বুটলি লাভ কৰা বহু স্মাৰক আজি ঘৰটোৰ বেৰতে উৱলি গৈছে। যেন এক ভূত বাংলালৈহে পৰিণত হৈছে সুধাকণ্ঠৰ একালৰ প্রাণৱন্ত ঘৰখন।

উল্লেখ্য যে, কাৰ্বি পাহাৰৰ নামনিত তেতিয়াতে ভূপেন হাজৰিকাই নিজা তত্বাৱধানত নির্মাণ কৰোৱাইছিল ঘৰটো। ঘৰটোৰ চৌহদত পাছফালে আছে এটা প্রাণচঞ্চল নিজৰা। ইয়ো সুধাকণ্ঠৰ এক সৃষ্টিৰ আকৰ। ১৯৭৪ চনৰে পৰা ঘৰটো তত্বৱধানত থকা সুবেন নেওঁগে কিছুদিনৰ পৰা চিনাকি মানুহ পালেই ক্ষোভেৰে কয় 'ভূপেনদাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰখন আজি শেষ হৈ গ'ল, কোনেও নাচালে, কোনেও নাভাবিলে, মাথো ঘোষণা আৰু আস্বাসতে ৰৈ গ'ল সকলো।

চৰকাৰে নোৱাৰিলে ৰাইজক দিয়ক, ৰাইজে বুকুত জীয়াই ৰাখিব সুধাকণ্ঠক। চৰকাৰী সদিচ্ছাৰ অভাৱে জুৰুলা কৰা ঘৰটোৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে মাজুলীত হোৱা বিশেষ অধীবেশনত বিশেষ প্রস্তাৱ লৈ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছিল যদিও আজিকোপতি নহ'ল কোনো ব্যৱস্থা।

সুধাকণ্ঠৰ মৰমৰ বাসগৃহ কলিয়াবৰৰ কুঠৰীত এতিয়া দেখিবলৈ পোৱা যায় মৰিশালিৰ নিস্তব্ধতা। এক নিমাওমাও পৰিবেশ। ৰজাঘৰীয়া প্ৰজাঘৰীয়া কাৰোৰে যেন অৱকাশ নাই সুধাকণ্ঠক স্মৰণ কৰাৰ। এসময়ৰ ভূপেন হাজৰিকাৰ সহকর্মী কুঠৰীৰ বাসগৃহ চোৱাচিতা কৰা সুৰেণ নেওগেই জন্ম-মৃত্যুৰ প্রতিটো দিনত বন্তি প্রজ্বলনেবে শ্রদ্ধাঞ্জলি জনাই আহিছে সুধাকণ্ঠৰ প্রতিমূৰ্ত্তিত।

সর্বানন্দ সোণোৱাল চৰকাৰে সুধাকণ্ঠৰ গৃহটো সংৰক্ষণৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছিল যদিও আজি পর্যন্ত কার্যকৰী নহ'ল। বর্তমান চৰকাৰখনৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীগৰাকীয়েও এবছৰ পূৰ্বে এই সুধাকণ্ঠৰ গৃহ সম্পর্কত সেই স্থানত উপস্থিত হৈ সংৰক্ষণৰ লগতে সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ আশ্বাস দিছিল যদিও সি আজিও কাৰ্যকৰী ৰূপ নাপালে।

নিজৰ মা-দেউতাককো একপ্ৰকাৰ এৰি আহি ভূপেন হাজৰিকাৰ সান্নিধ্যত জীৱনৰ আধা বয়স পাৰ কৰা ৬৮ বছৰীয়া সুৰেণ নেওগে প্ৰকাশ কৰামতে, ১৪ বিঘা ভূমিৰে পৰিবেষ্টিত এই সুধাকণ্ঠৰ গৃহ চৌহদত আছে বহু মূল্যবান ফলমূলৰ লগতে ঔষধি গছ। একালত পাহাৰ-ভৈয়ামৰ সমন্ধৰ থলী আছিল এই ঘৰখন। কিন্তু আজি এই চৌহদত যেন মৰিশালিৰ নিস্তব্ধতা।

ইয়াকেলৈ এতিয়া ক্ষোভ সুধাকণ্ঠ প্ৰেমীৰ মাজত। মঞ্চৰ উদ্যোক্তাসকলে কয়- 'আমি ভাবো ৰাজ্য চৰকাৰখনে আইনী মেৰপেছ আৰু বাধা আঁতৰাই অতিশীঘ্ৰে ভূপেনদাৰ সপোনৰ ঘৰটোক ৰাজ্যবাসীলৈ উৎসর্গা কৰি এটি সাংস্কৃতিক প্রকল্প নির্মাণেৰে ভূপেনদাৰ সপোনটোক সম্পূর্ণ কৰিব। এইয়া আমাৰ আশা।'

কলিয়াবৰত 'মঞ্চ’ৰ উদ্যোগত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা
সাংসদ পদ খাৰিজ মহুৱা মৈত্ৰৰ: ধনৰ বিনিময়ত সদনত প্ৰশ্ন সোধাৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in