/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/64293647-c83e-4c0d-9d55-ae2d22758b31/SUKANJULI_29.jpg)
আতংকৰ আন এক নাম সেনাৰ শুকানজুলি ফায়াৰিং ৰেঞ্জঃ পুনৰ মৃত্যু হ'ল এজনৰ...
তামুলপুৰৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত পুনৰ অঘটন।
বোমা-বাৰুদৰ অৱশিষ্ট বুটলিবলৈ গৈ মৃত্যু এজনৰ।
মৃত লোকজনৰ নাম ৰাজু বসুমতাৰী।
মৃত লোকজনৰ ঘৰ পাহাৰপুৰত।
জানিব পৰা মতে বোমা-বাৰুদৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
বোমাৰ স্পিলণ্টাৰৰ আঘাতত মৃত্যু ৰাজু বসুমতাৰীৰ।
ইতিমধ্যে ৰাজু বসুমতাৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
পূৰ্বেও এই ফায়াৰিং ৰেঞ্জত সংঘটিত হৈছে একেধৰণৰ ঘটনা।
ইয়াৰ পূৰ্বে গুলীৰ অৱশিষ্ট বুটলিবলৈ গৈ সংঘটিত হৈছিল এনে ঘটনা।
চলিত বৰ্ষৰ মাৰ্চত এই ফায়াৰিং ৰেঞ্জৰ বোমা পৰিছিলগৈ কাষৰীয়া লোকৰ ঘৰত।
এই ঘটনাৰ ৩ দিন পূৰ্বে আকৌ সেনাৰ ৰকেট পৰিছিলগৈ স্থানীয় বাসগৃহত।
এইদৰেই এতিয়া শুকানজুলি ফায়াৰিং ৰেঞ্জ এতিয়া আতংকৰ আন এক নাম হৈ পৰিছে।
Also Read: কঠীয়াতলীত ৰাজহুৱা নামাজত অংশ ল'লে হিন্দু ধৰ্মীয় লোকেঃ গামোচাৰে জনালে আদৰণি...