তামুলপুৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজনক গ্ৰেপ্তাৰ...

গোপন সূত্ৰৰ অধাৰত চলিছিল অভিযান

author-image
Asomiya Pratidin
New Update
তামুলপুৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজনক গ্ৰেপ্তাৰ...

তামুলপুৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলাৰ দৰঙামেলাত আজি আৰক্ষীয়ে অভিযান চলাই ১.২০০ কেজি নিচা জাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দিলু ছেত্ৰী নামৰ লোকজনৰ ঘৰত চলাইছিল অভিযান।

Advertisment

অভিযানৰ সময়ত আৰক্ষীয়ে নিচা জাতীয় টেবলেটখিনি জব্দ কৰাৰ উপৰিও আটক কৰিবলৈ সক্ষম হৈছে দিলু ছেত্ৰীক। জব্দকৃত নিচাজাতীয় টেবলেটসমূহৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা। পৰৱৰ্তী সময়ত আৰক্ষীয়ে দিলু ছেত্ৰী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে।

Also Read: পুনৰ ঘোচ লৈ ধৰা পৰিল চৰকাৰী কৰ্মচাৰী...

তামুলপুৰ