/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/15045f02-f6ce-4439-98ba-a444584b995c/303.jpg)
ডিজিটেল সংবাদ,ওৰাং : ৰবিবাৰে বড়োলেণ্ড সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয় ৷ বড়োলেণ্ড অঞ্চলত দীৰ্ঘদিনে সংবাদ সেৱা আগবঢ়াই অহা সাংবাদিকসকলক লৈ ২০১০ চনতে গঠন হৈছিল বড়োলেণ্ড সাংবাদিক সন্থা।
আজি ওদালগুৰি সাহিত্য সভা ভৱনত ওদালগুৰি জিলা বড়োলেণ্ড সাংবাদিক সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাৰ সভাপতিত্ব কৰে ইমৰান হুছেইনে আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক যতীন নাথে।
সভাপতিৰ আসন গ্ৰহণৰ পিছতে কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। নতুন জিলা সমিতি গঠনৰ পূৰ্বে পুৰণি সমিতিৰ সভাপতি ইমৰান হুছেইনে পদত্যাগ কৰে ৷
আজিৰ সভাতেই পুৰণি সমিতিৰ সম্পাদক যতীন নাথে প্ৰতিবেদন পাঠ কৰি পদত্যাগ কৰে ৷ ইয়াৰ পিছতে বড়োলেণ্ড সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আৰু ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সভাৰ পৰ্যবেক্ষকৰ দায়িত্বত উপস্থিত থকা গুণজিৎ দাসে সাংগঠনিক দিশত বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f0ffd74a-65b0-4226-bce2-5cbf9337bcc6/d31f541e_8afd_4201_865e_75580cf20650.jpg)
কেন্দ্ৰীয় সম্পাদক অখিল কলিতা আৰু কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা গৌতম জ্যোতি তালুকদাৰৰ উপস্থিতিত বড়োলেণ্ড সাংবাদিক সন্থাৰ নতুন ওদালগুৰি জিলা সমিতি গঠন কৰা হয় ৷ গুণজিৎ দাসক সভাপতি, উপ সভাপতি প্ৰফুল্ল কুমাৰ বড়ো, ধীৰেণ মহলীয়া, যতীন নাথ, সম্পাদক নাৰায়ণ ডেকা, সহকাৰী সম্পাদক আব্দুল আৱাল, অজয় কলিতা, প্ৰচাৰ সম্পাদক যতীন ডেকা, কাৰ্যালয়ৰ সম্পাদক নিবাৰণ ৰাভা আৰু সাংগঠনিক সম্পাদক গোবিন্দ দাসক লৈ এই সাধাৰণ সভাতেই নতুনকৈ ২১ জনীয়া বড়োলেণ্ড সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতি গঠন কৰা হয় ৷
Also Read: ৰঙাচকুৱা ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত মোহময়ী অভিনেত্ৰী অনন্যা কাশ্যপ