নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত অহিংসা দিন পালন

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত অহিংসা দিন পালন

author-image
Asomiya Pratidin
New Update
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত অহিংসা দিন পালন

ডিজিটেল সংবাদ, বাক্সা : মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী উপলক্ষে নিখিল বড়ো ছাত্ৰ সন্থাই মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে অহিংসা দিৱস । পুৱা পতাকা উত্তোলন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে আৰু পাৰ চৰাই উৰুৱাই বড়ো জাতিৰ শান্তি কামনা কৰে ।

Advertisment

অনুষ্ঠানত উপস্থিত থাকে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বড়ো সাহিত্য সভাৰ উপ সভাপতি চিতাৰাম বসুমতাৰী, সাহিত্য অকাডেমি বঁটাপ্ৰাপক দেওবাৰ ৰামচিয়াৰী, বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি বিনদ স্বৰ্গীয়াৰী, বড়োলেণ্ড চিলেকচন বোৰ্ডৰ অধ্যক্ষ দীপক বসুমতাৰীকে ধৰি বহু বড়ো গণ্য মান্য ব্যক্তিসকল।

ইয়াৰ পিছতে শোভাযাত্ৰাত অংশ লৈ দ্বীপেন বড়োৱে কয় যে, আজি পৱিত্ৰ দিনটোত আমি বড়ো জাতিৰ শান্তিৰ বাবে দিনজোৰা কাৰ্যসূচী ৰূপায়ন কৰিছো । লগতে তেওঁ এই পৱিত্ৰ দিনটোতে জাতিৰ স্বাৰ্থত ইউপিপিএল- বিপিএফক একত্ৰিত হ'বলৈ আহ্বান জনায় ।

ইয়াৰোপৰি বিটিআৰত শান্তি প্ৰগতিৰ স্বাৰ্থত ঐতিহাসিক বিটিআৰ চুক্তিৰ প্ৰতিটো দফা সফল ৰূপায়ন কৰাৰ কাৰণে আজিৰ এই দিনটোতে কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰে ।

Also Read: যোৰাবাটত ট্ৰাক চালকে ৰডেৰে মৰিয়াই হত্যা কৰিলে ধ্ৰুৱজ্যোতি বৰ্মনক...

gandhi jayanti