যোৰাবাটত ট্ৰাক চালকে ৰডেৰে মৰিয়াই হত্যা কৰিলে ধ্ৰুৱজ্যোতি বৰ্মনক...

গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ থাকোঁতেই ভয়ংকৰ ঘটনা

author-image
Asomiya Pratidin
New Update
যোৰাবাটত ট্ৰাক চালকে ৰডেৰে মৰিয়াই হত্যা কৰিলে ধ্ৰুৱজ্যোতি বৰ্মনক...

যোৰাবাটত ট্ৰাক চালকে ৰডেৰে মৰিয়াই হত্যা কৰিলে ধ্ৰুৱজ্যোতি বৰ্মনক...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষকক অতি নৃশংসভাৱে হত্যাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে যোৰাবাটত ট্ৰাক চালকে সামান্য কথাতে মৰিয়াই হত্যা কৰিলে ধ্ৰুৱজ্যোতি বৰ্মনক।

Advertisment

অভিযোগ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষকগৰাকী গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰাৰ সময়তে আজি পুৱা প্ৰায় ৭-৩০ বজাত এই ঘটনা সংঘটিত হয়। প্ৰথমে এখন ট্ৰাকে খুন্দা মাৰিছিল ধ্ৰুৱজ্যোতি বৰ্মনৰ বাহনত।

তাৰ পাছতেই ট্ৰাকচালকৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছিল তেওঁ। এই বাক-বিতণ্ডাই পৰিৱৰ্তী সময়ত গুৰুতৰ ৰূপ ধাৰণ কৰে। ট্ৰাক চালকজনে ট্ৰাকৰ পৰা এডাল ৰড উলিয়াই আনি তেওঁক বহু কেইবাৰ প্ৰহাৰ কৰাত অতি গুৰুতৰভাৱে আহত হৈ মৃত্যু বৰণ কৰে।

বৰ্তমান তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছৰ মৰ্গত ৰখা হৈছে। সন্দেহ কৰা অনুসৰি বৰ্মনৰ বাহনত খুন্দা মৰা বালকাৰ ট্ৰাকখনৰ নম্বৰ NL01AH2789। আনহাতে বৰ্মন যোৱা ৰেনল্ট ট্ৰাইবাৰ বাহনখনৰ নম্বৰ As 01FT2170। এই বাহনখনৰ পিছফালে দেখা গৈছিল খুন্দা মৰাৰ এটা দাগ।

Also Read: ১৯ অক্টোবৰত জনতা ভৱন ঘেৰাও কৰিব চুতীয়া যুৱ সন্মিলনঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সকীয়নী...

অপৰাধ কটন বিশ্ববিদ্যালয় দুৰ্ঘটনা