ওদালগুৰিত একেদিনাই বিপিএফ-কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

ওদালগুৰিত একেদিনাই বিপিএফ-কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

ডিজিটেল সংবাদ, ওদালগুৰিঃ কাইলৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন। ইয়াৰ প্ৰাকমূহুৰ্তত বুধবাৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে দুজনকৈ প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন।

সমষ্টিটোৰ বাবে বিপিএফ দলৰ হৈ দূৰ্গাদাস বড়োৱে মনোনয়ন দাখিল কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ হৈ মাধৱ ৰাজবংশীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। এই উপলক্ষে আজি পুৱাৰ ভাগত ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণৰ পৰা বিপিএফ দলে উলিয়াই এক বিশাল সমদল।

সমদলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিপিএফৰ বিধায়ক চৰণ বড়োৰ লগতে দলগাওঁ বিধানসভা সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে কেইৱাগৰাকীও প্ৰাক্তন ইএম তথা এমচিএলএয়ে অংশ লয়। সমদলৰ পূৰ্বে সংঘ প্ৰাঙ্গণত অনুষ্ঠিত এক সভাত দলীয় নেতৃত্বই এইবাৰ সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি দাবী কৰে। ইয়াৰ পাছত সমদলটোৱে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়লৈ আগবাঢ়ে।

খোলা বাহনত প্ৰাৰ্থীসহ বিপিএফৰ নেতাসকল উঠি উক্ত সমদলত অংশ‌ লয়। মনোনয়ন দাখিলৰ পথত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, "দুই লাখতকৈ অধিক ভোটৰ ব্যৱধানত বিপিএফৰ প্ৰাৰ্থী জয়ী হ'ব। ইয়াত বিজেপি বা কংগ্ৰেছ কোনো আমাৰ কাৰণে ফেক্টৰ নহয়। কংগ্ৰেছে ওপৰে ওপৰে কৈ আছে সংখ্যালঘু ভোটাৰ তেওঁলোকৰ লগত থকা বুলি। কিন্তু তৃণমূল পৰ্যায়ত সংখ্যালঘু ভোটাৰে আমাকহে ভোট দিব। গতিকে আমাৰ দলীয় প্ৰাৰ্থী দূৰ্গাদাস বড়োৰ জয় নিশ্চিত। আমি অসমৰ পাঁচটা সমষ্টিত নিৰ্বাচন খেলিম আৰু ইয়াৰে চাৰিটা সমষ্টিতে জয়ী হম। কালি আমি বৰপেটা লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম।"

ইফালে সমষ্টিটোৰ বিপিএফ দলৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োৱে কয়, "কংগ্ৰেছক এসময়ত আমি বিপিএফ হিচাপে সমৰ্থন দিলো যদিও নিজিকিলে। এইবাৰ তেওঁলোকে কি দাবী কৰি আছে নাজানো। তেওঁলোকে এইবাৰ অকলেই নিৰ্বাচন খেলিছে। মই কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মীসকলক অনুৰোধ জনাম যে তেওঁলোকে যাতে এইবাৰ বিপিএফক ভোট দিয়ে। অন্যথা তেওঁলোকৰ ২০ বছৰৰ ত্যাগ অথলে যাব।"

উল্লেখ্য যে এইবেলি দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীক মুকলি সমৰ্থন আগবঢ়াইছে এআইইউডিএফৰ দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। সেয়েহে প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকি তেওঁ কয়, "আমি সংখ্যালঘু ভোটাৰে ২০-৩০ বছৰ ভোট দিও বিজেপিক হটাব পৰা নাই। এইবাৰ বিপিএফ দলে দৰং-ওদালগুৰি সমষ্টিৰ পৰা বিজেপিক আঁতৰাব। সেয়েহে এইবাৰ সংখ্যালঘু ভোটাৰে বিপিএফ দলক ভোট দিব। মই বিধায়ক হিচাপে বিপিএফৰ লগত আছো, দলগাওঁৰ ৰাইজ বিপিএফৰ লগত আছে। এইবাৰ কংগ্ৰেছে ৩০-৩২ হাজাৰতকৈ বেছি ভোট নাপায়।" আজিৰ বিপিএফ দলৰ মনোনয়ন দাখিল কাৰ্যসূচীত কেইবা সহস্ৰাধিক সমৰ্থকে অংশগ্ৰহণ কৰে।

একেদিনাই সমষ্টিটোৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে। কেইৱা সহস্ৰাধিক সমৰ্থকক লগত লৈ প্ৰাৰ্থীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ খেলপথাৰত প্ৰৱেশ কৰে। ৰাজবংশীয়ে মনোনয়ণ দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয়, "ভোট হোৱাই নাই। গতিকে কিমান ভোটৰ ব্যৱধানত জয়ী হ'ম সেয়া ক'ব পৰাটো টান। মনোনয়ন দাখিল কৰিম বুলি ৰাইজক মাত্ৰ এটা মেছেজহে দিছিলো। সকলোৱে মোৰ সমৰ্থনত ওলাই আহিল। মোৰ লগত আহিছে প্ৰায় দহ হাজাৰ সমৰ্থক। লগত আহিছে প্ৰায় ৩৫০ খনকৈ গাড়ী।

আজিৰ তাৰিখত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভোটৰ বিন্যাস আৰু ৰাইজৰ উল্লাসৰ প্ৰতি লক্ষ্য ৰাখি বহু ভোটৰ ব্যৱধানত মই জয়ী হ'ম। ৰাইজে বিবেচনা কৰিব যে কাক ভোট দিলে ভাল হয়। যোৱা ২০ বছৰ শাসনত থাকি বিজেপিয়ে একো কাম নকৰিলে। তাৰ বাবে আজি ৰাইজে মোক সমৰ্থন দিছে। তেওঁলোকে বেংকৰ পৰা টকা ধাৰ কৰি আনি হিতাধিকাৰীক বিলাইছে। যিমানেই হিতাধিকাৰী সৃষ্টি হ'ব, সিমানেই দেশখন বিক্ৰী কৰা হ'ব। ঔষধৰ দাম বৃদ্ধি কৰি ৰাইজক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ ওলাইছে।

এই বিজেপি চৰকাৰ যদি পুনৰ ৫ বছৰ থাকে, তেন্তে ভাৰতবৰ্ষত মানুহ মৰি শেষ হ'ব। কৃষক, দুখীয়া, বেপাৰীৰ মৃত্যু হ'ব। বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰি ৰাজতন্ত্ৰ চলাবলৈ ওলাইছে, স্বৈৰাতন্ত্ৰ চলাইছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ পৰা তালাক খাই বিজেপিলৈ গৈছে। ব্যক্তিগত সম্পৰ্ক থাকিব পাৰে কিন্তু বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ ভুলবোৰ সমালোচনা কৰিমেই।"

মিঞাঁৰ ভোট নালাগে বুলি কৈ থকা মুখ্যমন্ত্ৰীয়ে এতিয়া মুছলমান অঞ্চলত ভোট ভিক্ষা কৰি থকা বুলিও ৰাজবংশীয়ে প্ৰকাশ কৰে। ৰাজবংশীক এই যাত্ৰাত সংগ দিয়ে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, দলগাওৰ প্ৰাক্তন বিধায়ক ইলিয়াচ আলী, প্ৰানজিৎ চৌধৰীৰ লগতে কেবাজনো দলীয় নেতাই।

ইপিনে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰনীয়াৰ উপস্থিতিত গন সুৰক্ষা পাৰ্টিৰ হৈ স্বৰ্না দেৱীয়েও মনোনয়ন পত্ৰ দাখিল কৰে। সাংবাদিকৰ ওচৰত সাংসদ নৱ শৰনীয়াই কোকৰাঝাৰ সমষ্টিত এইবাৰো বি পি এফ আৰু ইউ পি পি এলৰ যুজৰ মাজেৰে বিজয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰাৰ লগতে দৰং - ওদালগুৰি সমষ্টিটো দলৰ প্ৰাৰ্থী গৰাকীয়ে প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে।

আনহাতে এচ ইউ চি আইৰ জীতেন্দ্ৰ চলিহা আৰু আৰ পি আইৰ আবুল কাচেমেও আজি সমৰ্থক লৈ মনোনয়ন পত্ৰ দাখিল কৰে।

ওদালগুৰিত একেদিনাই বিপিএফ-কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিতে ৰাইজৰ বাবে আগবঢ়ালে এম্বুলেন্স...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in