পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিতে ৰাইজৰ বাবে আগবঢ়ালে এম্বুলেন্স...

পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিতে ৰাইজৰ বাবে আগবঢ়ালে এম্বুলেন্স...

author-image
Asomiya Pratidin
New Update
পঞ্চমুখী হনুমান মন্দিৰৰ  পুৰোহিতে ৰাইজৰ বাবে আগবঢ়ালে এম্বুলেন্স...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ২০০৮ চনত চতিয়াৰ ঘিলাধাৰী দলঙৰ সমীপতে ৰামদাস নামৰ এক পুৰোহিতে পঞ্চমুখী হনুমান মন্দিৰৰ প্ৰতিষ্ঠা কৰিছিল ৷ সেই দিন ধৰি আজিলৈকে ৰাইজৰ দান দক্ষিণা জমা কৰি পুৰোহিত বাবা ৰামদাসে ৰাইজৰ জৰুৰীকালীন সেৱাৰ বাবে এখন এম্বুলেন্স আগবঢ়ায় ৷

Advertisment

বৃহত্তৰ চতিয়াবাসী ৰাইজে মাত্ৰ ইন্ধনৰ খৰচ বহন কৰিয়েই চিকিৎসা সেৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব এম্বুলেন্সখন ৷ আনহাতে যিসকল আৰ্থিকভাৱে সুচল নহয় তেওঁলোকৰ বাবে সম্পূৰ্ণভাবে বিনামূলীয়াকৈ উপলব্ধ হ’ব এম্বুলেন্স সেৱা ৷ পুৰোহিত বাবা ৰামদাসৰ এই পদক্ষেপক শলাগ ল’লে চতিয়াবাসীয়ে ৷

এক অনুষ্ঠানৰ জৰিয়তে এম্বুলেন্সখন ৰাইজৰ বাবে আগবঢ়াই তেওঁ। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চতিয়া প্ৰেছ ক্লাবৰ সম্পাদক তথা সাংবাদিক উত্তম নাথে। সাংবাদিকগৰাকীয়েই ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়ে এম্বুলেন্সখন।

Also Read: তেল কঢ়িওৱা টেংকাৰৰ পৰা তেল চুৰিৰ ঘটনা