আৰক্ষীৰ চাপত কোকৰাঝাৰত এন এল এফ বিয়ে ত্যাগ কৰিলে শিৱিৰ...

আৰক্ষীৰ চাপত কোকৰাঝাৰত এন এল এফ বিয়ে ত্যাগ কৰিলে শিৱিৰ...
আৰক্ষীৰ চাপত কোকৰাঝাৰত এন এল এফ বিয়ে ত্যাগ কৰিলে শিৱিৰ...

ডিজিটেল সংবাদ কোকৰাঝাৰঃকোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত এন এল এফ বিৰ ডেজিগনেট শিৱিৰৰ কেডাৰসকলক শুকুৰবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে শিৱিৰ ত্যাগ কৰিবলৈ বাধ্য কৰাৰ পিছত শনিবাৰে এন এল এফ বিৰ সাধাৰন সম্পাদক (এন বাথা পন্থী) এন পাঞ্জাৰীয়ে এক সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত এন এল এফ বিৰ সাধাৰণ সম্পাদক এন পাঞ্জাৰীয়ে কয় যে, বিগত ৪ বছৰ ধৰি তেওঁলোক শিৱিৰতে আছিল। ৪ বছৰ পিছত শিৱিৰ পৰিত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ আঁৰত ৰাজনৈতিক কাৰণ আছে বুলি উল্লেখ কৰি কয় যে, চৰকাৰে তেওঁলোকক দুই লাখ টকাকৈ দি ঘৰলৈ উভতি যোৱাৰ চাপ দি আছিল। কিন্তু তেওঁলোকে সেয়া প্ৰত্যাখান কৰি এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক জেলৰ পৰা মুক্তি দিয়া, এন এল এফ বিৰ সেনাধ্যক্ষ এন বাথাক মুকলি কৰি দিয়া আৰু এন এল এফ বিৰ দাবী সন্দৰ্ভত আলোচনা কৰিবলৈ দাবী উত্থাপন কৰে ।

উল্লেখ্য যে, শুকুৰবাৰে নিশা কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি বিশাল দলে কোকৰাঝাৰৰ চান্দামাৰীস্থিত আলোচনাপন্থী এন এল এফ বিৰ ডেজিগনেট শিৱিৰটো নিশাৰ ভিতৰতে খালী কৰায়। উক্ত শিৱিৰটোত ৫৩ গৰাকী কেডাৰে বাহৰ পাতি আছিল আৰু তেওঁলোকক আৰক্ষীয়ে কেবাবাৰো শিৱিৰ খালী কৰিবলৈ অনুৰোধ কৰিছিল । শুকুৰবাৰে নিশা শিৱিৰ খালী কৰিবলৈ যোৱা আৰক্ষীৰ দলৰসতে কেডাৰ সকলৰ কিছু বাকবিতণ্ডাৰো সৃষ্টি হৈয়।

আৰক্ষীৰ চাপত কোকৰাঝাৰত এন এল এফ বিয়ে ত্যাগ কৰিলে শিৱিৰ...
কাছাৰত জিলা পৰ্যায়ৰ খেল মহাৰণ উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in