কাছাৰত জিলা পৰ্যায়ৰ খেল মহাৰণ উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ...

কাছাৰত জিলা পৰ্যায়ৰ খেল মহাৰণ উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ...

author-image
Asomiya Pratidin
New Update
কাছাৰত জিলা পৰ্যায়ৰ খেল মহাৰণ উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ...

ডিজিটেল সংবাদ শিলচৰ: শনিবাৰৰ পৰা কাছাৰ জিলাত আৰম্ভ হৈছে জিলা পৰ্যায়ৰ খেল মহাৰণ। অহা ১১ জানুৱাৰীলৈ চলিব লগা এই খেল মহাৰণ শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।‌

Advertisment

উদাৰবন্দৰ ডি এন এন হাইস্কুলৰ খেল পথাৰত অনুষ্ঠিত জিলা পৰ্যায়ৰ এই খেল মহাৰণৰ পতাকা উত্তোলন আৰু জুইশিখা প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। শনিবাৰে আৰম্ভ হোৱা এথলেটিকছ প্ৰতিযোগিতাত কাছাৰৰ সাতটা বিধানসভা সমষ্টিৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে।

খেল উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কাছাৰ জিলাৰ চহৰ আৰু গ্ৰামাঞ্চলত ৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিব পৰা খেলুৱৈ আছে বুলি মন্তব্য কৰে। এই সকল খেলুৱৈৰ‌ পৰা ৰাজ্যিক পৰ্যায়ত এটি উন্নত দল ওলাই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।

অনুষ্ঠানত কাছাৰৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি চোম, বৰখলাৰ প্ৰাক্তন বিধায়ক কিশোৰ নাথসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

Also Read: ঢকুৱাখনা উপ-জিলাত ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ ক্ষেত্ৰত প্ৰশাসনৰ নিষেধাজ্ঞা...

জয়ন্ত মল্ল বৰুৱা খেল মহাৰণ