ওৰাঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নতুন ভৱন আনুষ্ঠানিকভাৱে মুকলি...

ওৰাঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নতুন ভৱন আনুষ্ঠানিকভাৱে মুকলি...

author-image
Asomiya Pratidin
New Update
ওৰাঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নতুন ভৱন আনুষ্ঠানিকভাৱে মুকলি...

ওৰাঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নতুন ভৱন আনুষ্ঠানিকভাৱে মুকলি...

ডিজিটেল সংবাদ ওৰাংঃ শনিবাৰে ওদালগুৰিৰ ওৰাঙত থকা কস্তুৰবা বালিকা বিদ্যালয়ৰ নতুন ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত এই কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে।

Advertisment

মুঠ ১ কোটি ৩৬ লাখ টকা ব্যয় সাপক্ষে নিৰ্মাণ কৰা হৈছে এই নৱ নিৰ্মিত ভৱনটো। আনহাতে এই শিক্ষানুষ্ঠানখনৰ সমস্ত দায়িত্ব বি টি আৰ চৰকাৰে বহন কৰিব। আবাসিক শিক্ষানুষ্ঠানত নামভৰ্তি হ'বলগীয়া শিক্ষাৰ্থীসকলে সকলো ধৰনৰ সুবিধা লাভ কৰিব৷

অনুষ্ঠানত সুস্থ পৰিবেশত গুণগত শিক্ষা প্ৰদানত বি টি আৰ চৰকাৰে গুৰুত্ব দি আহিছে বুলি মন্তব্য আগবঢ়ায় প্ৰমোদ বড়োৱে৷ শিক্ষানুষ্ঠানখনৰ স্থায়ী ভৱন মুকলি হোৱাত অঞ্চলটোৰ এটা দীৰ্ঘদিনীয়া সমস্যা দূৰ হ'ল। সেয়ে অঞ্চলবাসীয়ে ধন্যবাদ জ্ঞাপন কৰে বিটিআৰ চৰকাৰক৷

এই অনুষ্ঠানতে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বি টি আৰ চৰকাৰে ৰূপায়ন কৰা আঁচনিসমূহৰ কথা নিজৰ ভাষণত উল্লেখ কৰে। অনুষ্ঠানত ই এম ড° নিলোৎ স্বৰ্গীয়াৰী, পাৰিষদ দীপক মৌৰ, জিলা শিক্ষা বিষয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Also Read: জামুগুৰিহাটত দুৰ্বৃত্তই খেৰৰ মেজিত লগালে জুইঃ জ্বলি শেষ হ'ল ১২ ট্ৰেক্টৰ খেৰ...

ওৰাং