/asomiyapratidin/media/media_files/2025/05/06/j4vawGvloKVL5EwtsbrN.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া আগন্তুক পঞ্চায়ত নির্বাচন, ২০২৫ৰ প্রতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মর্মে তথা বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত বাক্সা আৰু তামুলপুৰ জিলাৰ বাবে পূর্বনির্ধাৰিত ১০ মে'ৰ পৰিবৰ্তে অহা ১৪ জুনত বাক্সা জিলাৰ মুছলপুৰত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে।
এই ৰাষ্ট্ৰীয় লোক আদালতত বিজুলী বিভাগ, বেংক সম্পর্কীয়, যান বাহন আইনৰ অধীনৰ গোচৰ তথা আদালতত থকা আপোচ কৰিব পৰা গোচৰ ইত্যাদিৰ লগতে পাৰিবাৰিক কন্দলজনিত গোচৰ, দেৱানী গোচৰ, চেক বাউঞ্চৰ গোচৰ ইত্যাদি ক্ষীপ্র, ব্যয়হীন আৰু সৌহাদ্যপূর্ণ নিষ্পত্তি কৰিব পৰা যাব।
অধিক তথ্যৰ বাবে মুছলপুৰ, বাথৌপুৰিত অৱস্থিত বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত অথবা ৬৯০১২৮১৬১৯ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।