চিৰাঙৰ কাজলগাঁৱত ৰাষ্ট্ৰীয় কন্যা শিশু সপ্তাহ-২৪ উদযাপন

চিৰাঙৰ কাজলগাঁৱত ৰাষ্ট্ৰীয় কন্যা শিশু সপ্তাহ-২৪ উদযাপন

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত ৰাষ্ট্ৰীয় কন্যা শিশু সপ্তাহ-২৪ উদযাপন

ডিজিটেল সংবাদ, চিৰাংঃ ৰাষ্ট্ৰীয় কন্যা শিশু সপ্তাহ-২৪ উপলক্ষে কাজলগাঁৱত মঙলবাৰে দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় । চিৰাং জিলা সদৰ কাজলগাঁও শালঝোৰা শান্তি কমিটীৰ খেলপথাৰত চিৰাং জিলা সমাজকল্যান বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত কিশোৰী সকলৰ মাজত বিভিন্ন থলুৱা ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

Advertisment

আজিৰ এই কাৰ্যসূচীত বিটিআৰৰ কাৰ্য্যবাহী সদস্য গৌতম দাস,পাৰিষদ মাধৱ ছেত্ৰী, জিলা সমাজকল্যান বিষয়া মনজিত দাস, চিদলীৰ চিডিপিও সমেশ্বৰ মুচাহাৰী, জিলা ক্ৰীড়া বিষয়া দশৰথ ব্ৰহ্ম সহ বহু সংখ্যক লোকে উপস্থিত থাকে । আজিৰ অনুষ্ঠানত থাকি বিটিআৰ প্ৰশাসনৰ সমাজকল্যান বিভাগৰ কাৰ্য্যবাহী সদস্য গৌতম দাসে ভাষন প্ৰসংগত কয় যে আমাৰ সমাজত এতিয়াও দেখিবলৈ পোৱা যে একাংশ অভিভাৱকে নিজৰ শিশু কন্যা সকলক লালন পালনৰ ক্ষেত্ৰত লিঙ্গ বৈষম্য কৰা হয় ।

পুত্ৰ সন্তানৰ তুলনাত শিশু কন্যা এগৰাকীক শিক্ষা দীক্ষা বা অন্যান্য ক্ষেত্ৰত অৱহেলিত কৰি ৰখা দেখা যায় । এনেধৰনৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ সমাজত ভ্ৰান্তি থকা অভিভাৱক সকলৰ মাজত সজাগতা আনি লিঙ্গ বৈষম্যৰ দৰে মনোভাৱ আতঁৰাই এখন সুস্থ সমাজ ব্যৱস্থা স্থাপন কৰা । আমি সমাজকল্যান বিভাগৰ পৰা এনেধৰনৰ কাৰ্য্যসূচী হাতত লৈ সমাজৰ প্ৰতিটো বৰ্গৰ লোক সকলক পুত্ৰ সন্তানৰ দৰে শিশু কন্যা সকলৰ মানসিক, শাৰিৰীক, শিক্ষা আৰু বৌদ্ধিক বিকাশৰ ওপৰত যাতে সমানে গুৰুত্বাৰোপ কৰা হয় তাৰ ওপৰত সজাগতামূলক পৰামৰ্শ আগবঢ়াবঢ়োৱা লক্ষ্য হিচাপে কাম কৰি থকা হৈছে বুলি মন্তব্য কৰে ।

ভাষন প্ৰসংগত অনুৰূপ মন্তব্য কৰে বিটিআৰৰ পাৰিষদ মাধৱ ছেত্ৰীয়ে । আজিৰ অনুষ্ঠানতে পোষণ মাহ উপলক্ষে জিলা সমাজ কল্যান বিভাগৰ পৰা শিশু আৰু গৰ্ভৱতী মাতৃৰ পুষ্টিকৰ খাদ্য সামগ্ৰী প্ৰদৰ্শনীৰ ব্যবস্থা কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি থলুৱা ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কিশোৰী খেলুৱৈ সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে এডালকৈ গছপুলি প্ৰদান কৰা হয়। আজি সমাজকল্যান বিভাগৰ অধীনত "বেটি পঢ়াও বেটি বচাও" কোষৰ দ্বাৰা আয়োজিত দিনজোৰা কাৰ্য্যসূচীত জিলা শিক্ষা বিভাগ, জিলা স্বাস্থ্য বিভাগ আৰু ক্ৰীড়া বিভাগে সহযোগিতা আগবঢ়ায় ।

Also Read: অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব কাজিৰঙাৰ গঁড় হত্যাকাৰীকঃ জিপি সিং

National Girl Child Week