৩৫ খন ই-ৰিক্সা, অৰ্ধ শতাধিক বাহনেৰ ৰেলীৰে ১০ খন গাঁৱৰ মাজেৰে আদৰি আনিলে বিদায়ী শিক্ষকক...

৩৫ খন ই-ৰিক্সা, অৰ্ধ শতাধিক বাহনেৰ ৰেলীৰে ১০ খন গাঁৱৰ মাজেৰে আদৰি আনিলে বিদায়ী শিক্ষকক...
৩৫ খন ই-ৰিক্সা, অৰ্ধ শতাধিক বাহনেৰ ৰেলীৰে ১০ খন গাঁৱৰ মাজেৰে আদৰি আনিলে বিদায়ী শিক্ষকক...

ডিজিটেল সংবাদ চিৰাং: যি সময়ত প্ৰায়ে সংবাদ মাধ্যমত চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে বিভিন্ন নেতিবাচক বাতৰি দেখিবলৈ পোৱা যায় ঠিক সেই সময়তে এইখন অসমতে এজন চৰকাৰী বিদ্যালয়ৰ সহকাৰী শিক্ষকক তেখেতৰ চাকৰি জীৱনৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত এক বিৰল আৰু ব্যতিক্ৰমী প্ৰয়াসেৰে বিদায় সম্বৰ্ধনা অনুষ্ঠান পাতি এক নজিৰ সৃষ্টি কৰে। বঙাইগাঁও জিলাৰ অন্তৰ্গত বিলাসপুৰ উত্তম এম ই স্কুলৰ সহকাৰী শিক্ষক নৱীন চন্দ্ৰ বৰ্মন ।

সুদীৰ্ঘ চৌত্ৰিশ বছৰ তাৰ মাজতে দেখা দিয়া শাৰীৰিক সমস্যাক নেওচি এইজন সহকাৰী শিক্ষক একেখন বিদ্যালয়তে শিক্ষকতা কৰি মানৱ সম্পদ গঢ় দিয়া কাৰ্য্যত নিয়োজিত থাকি যোৱা ৩১ জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল । শিক্ষকতাৰ দৰে এক মহান কাৰ্য্যক জড়িত হৈ তেওঁ নিজকে এনেদৰে সমৰ্পিত কৰিছিল যে, বিগত কেইটা বছৰত পক্ষাঘাত ৰোগত ভৰি দুখন আক্ৰান্ত হোৱাৰ পিছতো ৰৈ যোৱা নাছিল।

আনৰ সহায় অবিহনে খোজ পেলাব নোৱাৰা অবস্থাত এইজন শিক্ষকে ঢোলমাৰাৰ নিজা বাসগৃহৰ পৰা বিদ্যালয়তে নিশা যাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰি নিজৰ কৰ্তব্য পালন কৰিছিল। চাকৰি জীৱনত তেওঁ লাভ কৰিছে কৃতী শিক্ষকৰ বঁটাও।

সেইগৰাকী সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক নবীন চন্দ্ৰ বৰ্মনৰ আজি ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে অঞ্চলটোৰ ৰাইজ তথা বিদ্যালয় কৰ্তৃপক্ষই । কিন্তু আদৰ্শ শিক্ষকগৰাকী বিগত দুটা বছৰ ধৰি পক্ষাঘাত ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে আনৰ সহায় অবিহনে যাতায়াত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে শিক্ষক নৱীন চন্দ্ৰ বৰ্মনক তেখেতৰ বাসগৃহৰ পৰা বিদ্যালয়ৰ বিদায় সম্বোধন অনুষ্ঠানত আনিবলৈ গ্ৰহণ কৰিলে এই অভিনৱ পন্থা ।

পয়ত্ৰিশ খন ই-ৰিক্সা, দহখন চাৰিচকীয়া বাহন, অৰ্দ্ধ শতাধিক মটৰচাইকেলেৰে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, ৰাইজে বেণ্ডপাৰ্টী লৈ সমদল উলিয়াই শ্ৰদ্ধাৰ শিক্ষকগৰাকীৰ ঢোলমাৰাৰ বাসগৃহত গৈ উপস্থিত হয় । সম্পূৰ্ণ শৃংখলাবদ্ধ ভাৱে মৰমৰ শিক্ষক গৰাকীক ফুলাম গামোচাৰে সেৱা জনায় ।

তাকে দেখি নৱীন চন্দ্ৰ বৰ্মন আৱেগিক হৈ পৰে আৰু অশ্ৰু নিগৰিত হ'বলৈ ধৰে । অৱসৰ গ্ৰহণ কৰাৰ পিছত যাতে প্ৰিয় শিক্ষকগৰাকীৰ মন বিষাদগ্ৰস্ত নহয় তাৰ বাবে আজি প্ৰাক্তন আৰু বৰ্তমান সকলো ছাত্ৰ-ছাত্ৰীয়ে জয় ধ্বনি আৰু হৰ্ষ উল্লাসৰ মাজেৰে নৱীন চন্দ্ৰ বৰ্মনক আঁদৰি বাহনত তুলি দহখন গাঁৱৰ মাজেৰে প্ৰায় ১২ কিলোমিটাৰ পথ সমদল কৰি বিদ্যালয়লৈ আঁদৰি আনে ।

শিক্ষকগৰাকী যেতিয়া তেখেতৰ কৰ্মস্থলীত আহি উপস্থিত হয় ছাত্ৰ-ছাত্ৰীসকলে আদৰ্শ শিক্ষকগৰাকীক পুষ্প বৃষ্টি দীৰ্ঘজীৱন কামনা কৰি জয়ধ্বনিৰে মঞ্চৰ দিশে আগবঢ়াই লৈ যায় বিলাসপুৰ উত্তম এম ই স্কুলৰ প্ৰধান শিক্ষক পঙ্কজ কুমাৰ বৰ্মন আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ভকত নীৰেণ ৰায় । যি দৃশ্যই বৃহত্তৰ বিলাসপুৰ অঞ্চলৰ ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয় ।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইছমাইল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত বিদায়ী শিক্ষক নৱীন চন্দ্ৰ বৰ্মনক বিদ্যালয়ৰ পৰা এখন ফুলাম গামোচা, শৰাই, জাঁপি, ধৰ্মগ্ৰন্থ, প্ৰশস্তিপত্ৰ প্ৰদান কৰাৰ লগতে অন্যান্য সা-সামগ্ৰী উপহাৰ হিচাপে আগবঢ়োৱা হয় । মৰমৰ শিক্ষকগৰাকীৰ শাৰীৰিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়ে এখন কাঠৰ ধুনীয়া হেলনীয়া চকী উপহাৰ হিচাপে প্ৰদান কৰে ।

বিদায়ী সভাত উপস্থিত আমন্ত্ৰিত অতিথিসকলে শিক্ষকগৰাকীয়ে তেখেতৰ শিক্ষকতাৰ জৰিয়তে শিক্ষাৰ দিশত অতিকৈ পিছ পৰা অঞ্চল বিলাসপুৰ এলেকাত নিশা পূৰ্ণিমাৰ জোনৰ দৰে পোহৰ দিয়াৰ কাম কৰিছে বুলি উল্লেখ কৰে । আজিৰ বিদায়ী সভাত প্ৰতি গৰাকী বক্তাৰ ভাষণত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ।

আজি সকলোৰে মৰমৰ তথা শ্ৰদ্ধাৰ কৃতী শিক্ষক জনক বিদায় সম্বৰ্ধনা জনাবলৈ পাই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, প্ৰধান শিক্ষকৰ লগতে অন্যান্য সাধাৰণ ৰাইজ সুখী অনুভৱ কৰে আৰু আগলৈ তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰে । তাৰে মাজত বহুত ভাষণত এজন শিক্ষকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ কিমান মৰম আৰু শ্ৰদ্ধা থাকিলে এনেধৰণৰ বিদায় সম্বৰ্ধনা জনোৱা লাভ কৰে সেয়া অন্যান্য শিক্ষক সকলেও অনুধাৱন কৰা উচিত বুলি উল্লেখ কৰে ।

৩৫ খন ই-ৰিক্সা, অৰ্ধ শতাধিক বাহনেৰ ৰেলীৰে ১০ খন গাঁৱৰ মাজেৰে আদৰি আনিলে বিদায়ী শিক্ষকক...
হাঠৎ লাগিল হুৱাদুৱাঃ লামডিং ৰে'লৱে জংচনত এজন বিশেষ নেতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in