/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6cec8abc-c56c-44c4-b9c9-aa012e478765/90.jpg)
ডিজিটেল সংবাদ, ওৰাং : বিজ্ঞান যুগৰ এই সময়তে মাজবাটত এক লোমহৰ্ষক হত্যাকাণ্ডই লজ্জানত কৰিছে মানৱ সমাজক। আধুনিকতাৰ এই একবিংশ শতিকাতো মানুহে অন্ধবিশ্বাসৰ বলি হৈ কিমান বৰ্বৰ হ'ব পাৰে তাৰেই এক নিদৰ্শন দাঙি ধৰিলে মাজবাটৰ লামাবাৰী টিক্ৰিতোলা ফৰেষ্ট গাঁও ২নং ৰূপাজুলিৰ হত্যাকাণ্ডই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/317d8c3a-93bc-4abe-87fc-e34181605e43/f8a8722e_0d09_49b4_963a_d968ebd175ce.jpg)
জানিব পৰামতে মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত লামাবাৰী টিক্ৰিতোলা ফৰেষ্ট গাঁও ২নং ৰূপাজুলিৰ ৰামু গোড়ৰ পত্নী বিৰশ গোড়(৫৫)নামৰ মহিলাগৰাকীক শুকুৰবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে। আনহাতে মহিলাগৰাকীৰ স্বামী ৰামু গোড় (৬০)গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য যে পুৱা আহত ৰামু গোড়ৰ পুত্ৰ জিবিয়ান গোড়ে যেতিয়া মাক দেউতাকক বাৰম্বাৰ মাত দিয়াৰ পাছতো মাত নোপোৱাত দুৱাৰ খুলি পুত্র জিবিয়ানে দুয়োজনকে তেজেৰে তুমৰলিহৈ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে পৰিয়ালৰ লোকে স্থানীয় লালপানী আৰক্ষী চকীত খবৰ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a1ad35aa-7358-4758-85b6-feed5e477acc/06a75300_743a_4634_a24f_3d8de256d49c.jpg)
পাছত ঘটনাস্থলীত ওদালগুৰি জিলা আৰক্ষী অধীক্ষক আৰু মাজবাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আজি ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনফালে আহত ৰামু গোড়ক মুমুর্ষ অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f1b4c9f5-c892-4cc6-b812-211e153504eb/79af98b5_c676_443f_937b_823f6c81c30f.jpg)
এই লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দেহত মাজবাট আৰক্ষীয়ে তদন্তৰ বাবে তিনিজন লোকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। এই ঘটনাত গাঁৱবাসীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
Also Read: বজ্ৰ পৰি থিতাতে নিহত মহিলা