ওদালগুৰিত মুকলি বিহুৰ আয়োজন

ওদালগুৰিত মুকলি বিহুৰ আয়োজন

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত মুকলি বিহুৰ আয়োজন

ডিজিটেল সংবাদ,ওদালগুৰি : সমগ্ৰ অসমৰ লগতেওদালগুৰিতো মুকলি বিহুৰ আয়োজন কৰা হৈছে। ওদালগুৰি সন্মিলিত যুৱ সমাজে ৰাইজৰ সহযোগত ৪ মে'ৰ দিনা আয়োজন কৰিছে সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ।

উদ্যোক্তাসকলে জনোৱা অনুসৰি, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা উক্ত মুকলি বিহুৰ প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৫০ হাজাৰ টকাৰ লগতে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ৩০ হাজাৰ আৰু ২০ হাজাৰ টকা ধাৰ্য কৰিছে। আনহাতে শ্রেষ্ঠ বিহুৱতী ১০,০০০ টকা, দ্বিতীয় শ্রেষ্ঠ বিহুৱতী ৬,০০০ টকা, শ্রেষ্ঠ ঢুলীয়া ৫,০০০ টকা, শ্রেষ্ঠ পেপাবাদক : ৫,০০০ টকা, শ্রেষ্ঠ বিহুৱা : ৫,০০০ টকাৰ পুৰস্কাৰ ঘোষণাৰে বিহুটি আয়োজন কৰাৰ কথা উল্লেখ কৰে।

Also Read: এনেকৈয়োতো কৰিব পাৰি ৰাজনীতি !

udalguri bihu