কোকৰাঝাৰত নিৰুদ্দিষ্ট ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...

কোকৰাঝাৰত নিৰুদ্দিষ্ট ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...
কোকৰাঝাৰত নিৰুদ্দিষ্ট ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰত আজি এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰক সৃষ্টি হৈছে চাঞ্চল্য। জিলাখনৰ মাগুৰমাৰী চাহবাগানত উদ্ধাৰ হৈছে এই মৃতদেহটো ৷

মৃতদেহটো কোকৰাঝাৰৰ ৰূপাথি নগৰৰ তিনি নং ৱাৰ্ডৰ গেৰেমছা নাৰ্জাৰীৰ ( ১৯ ) বুলি চিনাক্ত কৰা হৈছে ৷ গেৰেমছা গোসাঁইগাঁও আই টি আইৰ ছাত্ৰ। উল্লেখ্য যে, যোৱা তিনিদিন ধৰি নিখোজ হৈ আছিল ছাত্ৰগৰাকী।

পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ-খোচাৰ কৰিও সন্ধান পোৱা নাছিল গেৰেমছা নাৰ্জাৰীৰ৷ আজি স্থানীয় ৰাইজে মাগুৰমাৰীৰ চাহবাগানত এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কোকৰাঝাৰ থানালৈ লৈ আহে৷ ইয়াৰ পাছতে উক্ত মৃতদেহটো গেৰেমছাৰ বুলি চিনাক্ত কৰা হয়। পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ৷

ইফালে মৃতদেহটোৰ পেটত আৰু মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলিও পৰিয়ালৰ লোকে অভিযোগ কৰিছে। তেওঁলোকে শীঘ্ৰে এই ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰো দাবী জনাইছে। পৰিয়ালৰ সন্দেহ অনুসৰি এই হত্যাকাণ্ডৰ হৈতে তেওঁৰ বন্ধু জড়িত থাকিব পাৰে।

আনহাতে এই ঘটনাক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ দক্ষিণ কোকৰাঝাৰ সমিতিয়ে গৰিহণা দিছে। এয়া এক হত্যাকাণ্ড বুলি উল্লেখ কৰি এবছুৱে হত্যাকাণ্ডৰে জড়িত দোষীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷

উল্লেখ্য যে, মৃত গেৰেমছা নাৰ্জাৰীৰ মোবাইল আৰু স্কুটিখন এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷ এই ঘটনাই কোকৰাঝাৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

কোকৰাঝাৰত নিৰুদ্দিষ্ট ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...
৩১ ডিচেম্বৰ ভুলতো নকৰিব এই কামঃ সষ্টম মহানগৰ আৰক্ষী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in