/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/acad53ae-c766-4ebc-bfb2-6706fb520bfd/gfgfgfgf.jpg)
ডিজিটেল ডেস্কঃ বজালীৰ ভৱানীপুৰ কাটলা পথাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবেই নিজ ভাতৃয়ে গুপ্তাংগ কাটিলে যুৱকৰ। বুধবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।
পৰকীয়া প্ৰেমই কাল হ'ল ধঞ্জিত ৰয়ৰ। নিজৰ ডাঙৰ ককাই আৰু বৌয়েকে মিলি গুপ্তাংগ কাটিলে যুৱকজনৰ। উল্লেখ্য যোগ্য যে প্ৰাঞ্জল ৰয়ৰ স্ত্ৰীৰ লগত ধঞ্জিত ৰয়ৰ দীর্ঘদিনীয়া অবৈধ সম্পৰ্ক আছিল।
ইয়াক লৈ দুই ভাতৃৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল। কিন্তু যোৱা নিশা পৰিয়ালকেন্দ্ৰিক কাজিয়া লাগি নিশা প্ৰায় ১২ মান বজাত ডাঙৰ ভাতৃ প্ৰাঞ্জলে নিজৰ স্ত্ৰীৰ লগত মিলিত হৈ গুপ্তাংগ ছেদ কৰিলে ধঞ্জিত ৰয়ৰ।
ইতিমধ্যে মৃত্যু হৈছে ধঞ্জিত ৰয়ৰ। ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই নৃশংসকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো।
Also Read: ৰিক্সা চালকৰ পৰা অভিযন্তালৈঃ লোকসভাত আক্ৰমণ কৰাৰ আঁৰৰ কাহিনী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us